পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন

কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ
 পৰম বিস্ময় মনে।
স্বামী হেনজানি বুলিবে লাগিল
 প্ৰণামি কৃষ্ণ চৰণে॥
জানিলো তোমাক জগত ঈশ্বৰ
 তুমি সনাতন হৰি।
সমস্ত ভূতৰ তুমি প্ৰাণ বল
 জগতকে আছা ধৰি॥
স্ৰষ্টাৰো স্ৰষ্টা তুমি সৰ্ব্ব দ্ৰষ্টা
 উদ্ধাৰি ধৰিলা ভূমি।
জীৱৰ নিয়ন্তা পৰম আতমা
 মৃত্যুৰ অন্তক তুমি॥
জানিলো তোমাক সেহি ৰঘুনাথ
 যিতো ইষ্টদেৱ মোৰ।
সীতাৰ সন্তাপে জগতৰ বাপে
 কৰিলা প্ৰয়াণ ঘোৰ॥
যাৰ মহাক্ৰোধে কটাক্ষতে গ্ৰাহে
 সাগৰ কল্লোল কৰে।
লঙ্কাক লাগিয়া মাজে বাট দিলা
 ডৰিয়া অতি সাগৰে॥
জানকীৰ হেতু বান্ধিলাহা সেতু
 দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ কাটিলাহা নাথ
 আনিলা সীতা উদ্ধৰি॥
আগে নিচিনিলোঁ এবেসে জানিলোঁ
 তেন্তে তুমি শ্ৰীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক
 চৰণে কৰোঁ প্ৰণাম॥