পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
উদ্ধৱ সংবাদ।

কেহোঁ গোপী বোলে কহ বান্ধৱ উদ্ধৱ।
ব্ৰজক আসিব আৰ প্ৰাণৰ বান্ধৱ॥
পৰি আছো আমি আতি বিৰহৰ জুই।
আমাক জীয়াইবা দুনাই কৃষ্ণ কৰে ছুই॥
জুড়াইবন্ত প্ৰাণ পুনু মধুৰ বচনে।
ইন্দ্ৰ যেন জীবন্ত বনক বৰিষণে॥
কতে গোপী বোলে সখি তইসে অবুদ্ধি।
উদ্ধৱক ই কথা কিসক লাগি সুধি॥
নাসিলেক পুৰিতলে কংস ৰাইক ডৰে।
গোকুলত তাতে সে বঞ্চিলা নন্দ ঘৰে।
সিটো শক্ৰ মাৰি তান ৰাজ্যভাৰ পাই।
কিসক আসিব আৰ ঐক যদুৰাই॥
ভৈলা অতি প্ৰীতি পাই সুহৃদ বান্ধৱ।
অনেক ৰাজাৰ কন্যা বিহাইলা মাধৱ॥
আউৰ সিটো কৃষ্ণৰ আমাত কোন কাজ।
সুমৰিবে কিসক ব্ৰজক যদুৰাজ॥
কতো পৰমাৰ্থ গোপী বুলিলা উত্তৰ।
পূৰ্ণ কাম কৃষ্ণ জানা জগত ঈশ্বৰ॥
আমি বনবাসী এবে ৰাজ কন্যাগণ।
লক্ষ্মীৰ স্বামীৰ তাত কিবা প্ৰয়োজন॥
কৃষ্ণক পাইবাৰ আশা নঘটে আমাত।
তথাপি আকুল চিত্ত কি কৰিবো আত॥
নাহিকে পৰম সুখ নিৰাশাত পৰ।
হেন শুনি আউৰ গোপী দিলন্ত উত্তৰ॥
নিৰাশা পৰম সুখ কহিছে পিঙ্গলা।
আক আমি ভাল জানো সব গোপবালা॥
তথাপি কৃষ্ণৰ আশা এৰন নযাই।
আউৰ গোপী বোলে সখি শুনা অভিপ্ৰাই॥
নাহিকে লক্ষ্মীত কিঞ্চিতেকো ইচ্ছা যাৰ।
নুগুচন্ত লক্ষ্মী দেবি তথাপি হিয়াৰ॥