পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
অসমীয়া সাহিত্যৰ চানেকি।

যাৰ যশে সংসাৰক উচ্ছাদ সৰ্ব্বথা।
হেনো নো কৃষ্ণৰ কোনে নুশুনিবে কথা॥
আউৰ গোপী বোলে মোৰ শুনিও সন্মত।
পাসৰি থাকন্তে দুখ নুগুচে মনত॥
তথাপিতো পাসৰিবে কৃষ্ণক নপাই।
সুমৰাই বৃন্দাবন দুনাই দুনাই॥
এহিটো যমুনা নদী গিৰি গোবৰ্দ্ধন।
আমাসমে এথাত ক্ৰিড়িলা নাৰায়ণ॥
ইহাক দেখন্তে অতিশয় তনু তাৱে।
পুনু পুনু কেশৱক মনে সুমৰাৱে॥
গোধূলি প্ৰভাত শুনি বংশীৰ নিস্বান।
ধেনু সব দেখি আতি ফুটি যায় প্ৰাণ॥
আকে ছড়াই ফুৰিলন্ত ভকত বান্ধৱ।
সুমৰন্তে দহে মন আমাৰ উদ্ধৱ॥
খোজ সব পৰি আছে কৃষ্ণৰ ভৰিৰ।
তাক দেখি দশগুণে দগধ শৰীৰ॥
ধ্বজ ব্ৰজ পঙ্কজ অঙ্কুশে অলঙ্কৃত।
সম্বৰণ নাই আউৰ তাক দেখি চিত্ত॥
তাঙ্ক লাগি তুমি সব যি মত আকুল।
তোমাসাক লাগি কৃষ্ণ তেনয় ব্যাকুল॥
ভকতৰ বশ হৰি জানিবা নিশ্চয়।
তোমাসাৰ দুখে দুখী জানা কৃপাময়॥
আপোনাত কৰি ভকতত দয়াবৰ।
কৃষ্ণক অল্পতে পাইবা চিত্ত কৰা দৃঢ়॥
কি কহিবো তোমাসাৰ ভাগ্যক সম্প্ৰতি।
বিৰহতে এতমান সাধিলা ভকতি॥
অনেক জনমে যাক যোগীয়ে নপাৱে।
হেন মাধৱক সবে পূজা প্ৰেম ভাৱে॥
এৰিলাহা পতি পুত্ৰ স্নেহ বিপৰীত।
কৃষ্ণতে অৰ্পিলা নিৰন্তৰে প্ৰাণ চিত্ত॥