সম্প্ৰতি কৃতাৰ্থ ভৈলা কৃষ্ণ কৃপাময়।
তাক শুনি কৰে আতি আনন্দ হৃদয়॥
কেতো গোপী বোলে মোত কহিবো উদ্ধৱ।
কৰিছিলা যিটো প্ৰীতি আমাত মাধৱ॥
মথুৰা নগৰি এবে যিটো প্ৰীতি দেখি।
কৃষ্ণক অৰ্চ্চন্ত স্নেহে কটাক্ষে নিৰখি॥
আউৰ গোপী বোলে সখী একো নজানস।
একে কৃষ্ণ জানন্ত বিশেষ ৰতিৰস॥
মথুৰা নগৰি সিটে শুনি মাত বোল।
হেন কি জানয় কৃষ্ণ নহিবন্ত ভোল॥
কতো গোপী বোলে কাৰ্য্য নাই ই কথাত।
কৈয়ো যিবা সোধো সাধু উদ্ধৱ তোমাত॥
অভাগিনী কুলক্ষণী যেন গোপীঝাক।
পৰস্ত্ৰীৰ মধ্যে কিবা সোধন্ত আমাক॥
যেন যেন ক্ৰীড়া কেলি কৰিলা বনত।
সি কি কথা পৰে আউৰ কৃষ্ণৰ মনত॥
কহিয়ো উদ্ধৱ তুমি মুখ্য হৰি দাস।
কতো গোপী সোধে তেজি দীৰ্ঘ যে নিশ্বাস॥
কদাচিত কেশৱ স্মৰন্ত সিটো ৰাতি।
কুমুদ সুহৃদ চন্দ্ৰে সুশোভিত আতি॥
বাজে অতি চৰণে নূপুৰ ৰুণ ঝুন।
আমি বেড়ি গাইলো সেই গোবিন্দৰ গুণ॥
আমাৰ কণ্ঠত কৃষ্ণে ধৰি বাহু মেলি।
কৰিলন্ত যিটো বিপৰীত ৰাসকেলি॥
কেহো বোলে ইটো বৃন্দাবনক স্মৰন্তে।
কৃপাময় ভকতৰ গতি ভগৱন্তে॥
আৰ কি দেখিবো তাৰ অৰুণ চৰণ।
এহি বুলি তম্ভি থাকে বৰ্ণাই বচন॥
বহি যায় নেত্ৰৰ লোতক সৰসৰি।
কৃষ্ণ পদ পঙ্কজক থাকে মনে ধৰি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
অসমীয়া সাহিত্যৰ চানেকি।