পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
বলি ছলন।

কৈতো ঠাই নপাই জানো মাধৱ ডৰিল।
নিশ্চয় জানিলোঁ মোৰ ভয়তে মৰিল॥
যেবে জীলহন্তে কেন নপাইলোহো লাগ।
মৰা মাধৱক লাগি এড়িলোহো ৰাগ॥
যাৱে জীৱেমানে তাৱে কৰিব কন্দল।
মৃত্যুকক হিংসা কৰিবাৰ কোন ফল॥
এহি বুলি দৈত্যৰাজে নিবৰ্ত্তিলা পাছে।
হিৰণ্যকশিপু সম কোন বীৰ আছে॥
কতেক কহিবো তান মহিমা সম্বাদ।
যাৰ পুত্ৰ ভৈল মহা বৈষ্ণৱ প্ৰহ্লাদ॥
কি কহিবো প্ৰহলাদৰ মহা যশ ৰাশি।
যাক ৰক্ষা কৰিলা আপুনি হৰি আসি॥
বাপ খলে মাৰিলেক অনেক বিগুতি।
প্ৰাণান্তিকো নেডিলেক হৰিত ভকতি॥
যাহাৰ নিৰ্ম্মল যশ জগত প্ৰখ্যাত।
তযু পিতা বিৰোচন তান্তে ভৈলা জাত॥
মহাজ্ঞানী দেৱ দ্বিজ বিষ্ণুত ভকত।
যম সম পৰাক্ৰম বৈৰতো শকত॥
যুদ্ধে নোৱাৰিয়া তাঙ্ক পাছে দেৱগণ।
ব্ৰাহ্মণৰ বেশে গৈয়া ভৈলা উপসন্ন॥
ছলে সত্য কৰাই পাছে মাগিলন্ত প্ৰাণ।
বিৰোচনে সত্যত প্ৰাণ দিলে দান॥
তাহান তনয় তুমি ধৰ্ম্মত নিপুন।
মোৰ মুখে তোমাৰ বৰ্ণাইবো কতগুণ॥
যাৰ যশে দানে পুণ্যে ব্যাপিল সংসাৰ।
কুলৰ কমল ফুল বংশৰ উদ্ধাৰ॥
তোমাত বিমুখ নভৈলেক একো প্ৰাণী।
দাতা বুলি তোমাকেসে জগতে বখানি॥
দশোদিশে যশ ৰাশি কৰিয়া প্ৰকট।
দৌলৰ উপৰে যেন তুমি ভৈলা ঘট॥