সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
অসমীয়া সাহিত্যৰ চানেকি।

মোৰ প্ৰয়োজন আবে শুনা ৰাজা তুমি।
মাগো মই দিয়া মোক তিনি পদ ভূমি॥
মোহোৰ ভৰিৰ জোখা কৰি দিয়া দান।
এহিসে প্ৰাৰ্থনা কৰো নলাগয় আন॥
হেন শুনি হাসি বলি বুলিলা বচন।
কিনো অল্প বুদ্ধি তুমি ব্ৰাহ্মণ নন্দন॥
সতেক কহিলা মানে পণ্ডিতৰ মত।
আপোন কাৰ্য্যত কেনে বুদ্ধি কৈলা হত॥
মই সে ঈশ্বৰ মোত পৰে নাহি আন।
সাতে দ্বীপ পৃথিবী দিবা পাৰো দান॥
প্ৰশংসা বচনে মোক আৰাধিয়া তুমি।
কিসক খুজিলা অল্প তিনি পদ ভূমি॥
যেন ভাগ্য ৰহিত দৰিদ্ৰ কোন জন।
কুবেৰক পায়া সিতো খোজে খুদকণ॥
বস্তু দ্বীপে পায়া যেন পাইলেক বিবুদ্ধি।
বালিক নাৱত তোলে ৰত্নক নুশুধি॥
সেসিমতে মোত তিনি পদ ভূমি খোজা।
যিবা দিয়ে যিবা লৱে দুইৰো মহালজ্জা॥
একবাৰ মাগে মোক যিবা লগ পাই।
কৰো অদৰিদ্ৰ আউৰ নমাগে দুনাই॥
আশা কৰি আইল বটু মোহোৰ সমীপ।
প্ৰাৰ্থিয়োক দিও মই ইটো সাত দ্বীপ॥
হেন শুনি হাস্য কৰি বদতি বামন।
অজিজ্ঞাসি বলি কেনে বুলিলা বচন॥
তিনিয়ো লোকত যত আছে ধান্য ধন।
যত দিব্য নাৰী আছে সুন্দৰী প্ৰধান॥
যত দিব্য ঘৰ বাড়ী বস্ত্ৰ অলঙ্কাৰ।
সবেয়ো নুপুৰে মন এক লুভীয়াৰ॥
পৃথু, গয় আদি কৰি ৰাজা অপৰ্য্যন্ত।
অৰ্থৰ তৃষ্ণাৰ কেহোঁ নপাইলেক অন্ত॥