পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
অসমীয়া সাহিত্যৰ চানেকি।

যৈকে যৈকে যাইবে। তৈকে তৈকে নিৱে যদি।
ইহাৰ হাতত নেড়াও ব্ৰহ্মাণ্ডক ভেদি॥
প্ৰাণীগণে নেড়াই যেন যমৰাইৰ দায়।
দৈত্যৰ হাতত মোৰ ভৈল সেহি প্ৰায়॥
একোৱে প্ৰকাৰে আক নোৱাৰোহে যুঝি।
পলাইবাক লাগি আৰ ঠায়ো নপাও খুজি॥
পৰিলো নিশ্চয়ে মই দৈত্যৰ হাতত।
এহি বুলি নাৰায়ণে গুণন্ত মনত॥
কতো বেলি গুণিয়া উপায় পাইলা পাছে।
পলাইবাৰ ঠাই মোৰ ওচৰতে আছে॥
ময়া কৰি অসুৰৰ গৰ্ভতে লুকাও।
ইটো অসুৰৰ হাতে তেবেসে এড়াও॥
এহি বিমৰষি পাছে আথে বেথে হৰি।
ভৈল অণু প্ৰমাণ তেখনে মায়া কৰি॥
নাসিকা পথে গৈয়া বায়ুৰ লগত।
লুকায়া থাকিলা হিৰণ্যৰ হৃদয়ত॥
হিৰণ্যকশিপু পাছে হাতে শূল ধৰি।
বৈকুণ্ঠত বিচাৰিলা বিতৰিত কৰি॥
বিষ্ণুক নপায়া লাগ তেজিলা আটাশ।
সৰ্গ মৰ্ত্য পাতালত লাগিলা তৰাস॥
ভূমিত পড়িল গৰ্ভিণীৰ গৰ্ভ খসি।
বিচাৰিলা পাছে সাতোখান স্বৰ্গ পশি॥
তৈতো যেবে মাধৱক নপাইলেক লগ।
সাতো পৃথিবীত বিচাৰিলা মহাভাগ॥
বিষ্ণুক নপায়া পাছে দৈত্য বলীয়াৰ।
সাতো পাতালক পাছে কৰিলা বিচাৰ॥
পাতালত মাধৱক নপাইলন্ত ভেট।
হিৰণ্যকশিপু গুণে মাথা কৰি হেঠ॥
জল স্থল আকাশত বিচাৰিলোঁ ফুৰি।
নপাইলোহো লাগ কৈক গৈল ভ্ৰাতৃ বৈৰী॥