পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি

দুয়ো হুয়া মহক্ৰুদ্ধ।
লগাইলেক ঘোৰ যুদ্ধ॥
দুয়ো মাতঙ্গৰ লীলা!
বৰিষে পৰ্ব্বত শিলা॥
কতো মেলি হানে গাছ।
কতো কোপে চাপে কাছ॥
যুক্তিলন্ত মাল বন্ধে।
ধৰি ভৰি ভৰি-ছন্দে॥
দুইৰো দুইকো নাহি তুষ্টি।
হানে বজ্ৰ সম মুষ্টি॥
মাংসৰ কাৰণে যেন।
যুজন্ত দুগোট সেন॥
কেহ বলে নুহি ক্ষীণ।
যুজন্ত আঠাইশ দিন॥
কৃষ্ণৰ প্ৰহাৰ পাই।
পাছে মহা ঋক্ষ ৰায়॥
শ্ৰান্ত ভৈলা মহাদুঃখে।
নিশ্বাস বজাইলা মুখে॥
ভাগে যেন কটিস্কন্ধ।
শৰীৰৰ ছিণ্ডে বন্ধ॥
গোড়ে ঘাম যায় বহি।
ক্ষণেক স্তম্ভিলা ৰহি॥
সমস্ত সমাজে ঢাকি।
হৰি হৰি বোলা ডাকি॥

ঘোষা॥

ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ।
দীন দয়াশীল স্বামী॥
কৰাহা নিস্তাৰ তোমাৰ চৰণে।
শৰণ পশিলো আমি॥