পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন

সিংহে মাৰি মণি নিলা জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি॥
মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি।
জানিলো ভালুকে মণি নিলা আঙ্ক মাৰি॥
দেখি সৰ্ব্বজন ভৈল মনত নিঃশঙ্ক।
মিছাত পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক॥
খোজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আবৰি॥
দেখি সেনাগণ সবে বাহিৰত থই।
একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰবেশিলা গই॥
তথাত মণিক কৃষ্ণে দেখিলন্ত পাছে।
হাতে লৈয়া ধাই শিশু ওমলান্তে আছে॥
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ গেড়ি দিলা॥
কোথাৰ মনুষ্য গোটে মণি নেয় হৰি।
আবে ঋক্ষৰাজ লাগ লোৱা ঝান্ট কৰি॥
এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ।
বোলা হৰি হৰি ছাড়া বিষয় বিষাদ॥

ঘোষা॥

ৰামকৃষ্ণ গোপাল।
ত্ৰাহি ত্ৰাহি কৃপাল॥

হেন শুনি জাম্বৱন্ত।
ধাইলা মহা বলৱন্ত॥
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে॥
সামান্য মনুষ্য বুলি।
মহাক্ৰোধে গৈল জ্বলি॥
নজানি প্ৰভাৱ আতি।
লগাইলেক হতাহতি॥