সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা কাজ।
পুৰুষৰ পৰা মহামায়া ভৈল বাজ॥
অনাদি ৰুপিণী ঈশ্বৰৰ অন্ধকায়।
ব্যক্ত ভৈলা মহামায়া সৃষ্টিক ইচ্ছায়॥
পৰনা সুন্দৰী নাৰী দ্বিধা দেবী বেশ।
কটাক্ষত মোহ যাই জগত নিঃশেষ॥
কেয়ূৰ কঙ্কণ ৰঙ্গময় হেম হাৰ।
কিৰীটি কুণ্ডলে আতি কৰে জাতিষ্কাৰ॥
ৰুণ ঝুণ কৰি বাজে পাৱত নুপুৰ।
ৰুপ দেখি মদনৰ দৰ্প হোৱে চূৰ॥
চাহিবাক নপাৰি দেৱীৰ মহা জ্যোতি।
কোটি এক সূৰ্য্য যেন প্ৰকাশে প্ৰকৃতি॥
প্ৰণিপাত পুৰুষক কৰিয়া সেবলি।
আগতে বিনাৱে মায়া কৰি কৃতাঞ্জলি॥
কোন কৰ্ম্ম কৰো আৱে কৰিয়ো আদেশ।
হেন শুনি হাসি বুলিলন্ত হৃষিকেশ॥
শুনিয়ো প্ৰকৃতি একো গুণে নোহা হীন।
তোমাৰে আমাৰে কিঞ্চিতেকো নাহি ভিন॥
মোৰ নিজ শকতি সম্যকে দেখো প্ৰাণ।
সত্বৰে কৰিয়ো মায়া জগত নিৰ্ম্মান॥
তোমাক চেতাইলে আমি এই অভিপ্ৰায়।
জানিয়োক ভালে তুমি মোৰ অৰ্দ্ধকায়॥
তোমাৰে আমাৰে একো নাহি ভিন্নভিন্ন।
মোতে যাতে লীন যাহা এহি খানি হীন॥
সত্বৰে কৰিয়ো মায়া জগত প্ৰকাশ।
কৰো সৃষ্টি লীলা তাতে বিনোদ বিলাস॥
হেন শুনি প্ৰকৃতি কৰিলা প্ৰণিপাত।
সৃষ্টিৰ কাৰ্য্যক যত লাগিলা আমাত॥
ঈশ্বৰ কটাক্ষে দেবী ভৈলা গৰ্ভৱতী।
প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ব উৎপতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
অসমীয়া সাহিত্যৰ চানেকি।