পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
অনাদি পাতন।

মহত্বৰো তিনি পুত্ৰ ভৈলা অনুপাম।
শুনিয়ো তিনিৰো কহো যাৰ যিবা নাম॥
তিনি গুণে তিনি তত্ত্ব ভৈলা অৱতাৰ।
তামসিক ৰাজস সাত্ত্বিক অহঙ্কাৰ॥
এহি তিনি পুত্ৰ তান জগতে প্ৰখ্যাত।
শুনা যত হন্তে যিবা সৃষ্টি ভৈল জাত॥
তামসত হন্তে শব্দ গুণৰ প্ৰকাশ।
শবদৰো পুত্ৰ ভৈলা নামত আকাশ॥
আকাশৰ হন্তে পৰশৰ উতপতি।
পৰশৰ পুত্ৰ ভৈলা বায়ু মহামতি॥
বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ।
ৰূপৰ তনয় ভৈল অগ্নি চমৎকাৰ॥
অগনিৰ পুত্ৰ ভৈলা ৰস মহামতি।
ৰস গুণ হন্তে পাছে জল উতপতি॥
জলে উতপতি ভৈলা গন্ধ গুণ নাম।
গন্ধ গুণ হন্তে বসুমতী অনুপাম॥
পঞ্চ ভূত পঞ্চ গুণ কহিলোঁ ব্যৱস্থা।
আবে শুনা ৰাজসিক সাত্ত্বিকৰ কথা॥
ৰাজসত হন্তে দশেন্দ্ৰিয় ভৈলা জাত।
দশৰক নাম ৰাজা কহিবো তোমাত॥
চক্ষু কৰ্ণ নাসা মুখ চৰ্ম্ম জিহ্বা হাত।
পদ গুহ্য লিঙ্গ এহি দশৰো প্ৰখ্যাত॥
আবে কহো শুনিয়োক সাত্ত্বিকৰ কথা।
যি দেৱতা ভৈল যি ইন্দ্ৰিয় অধিষ্ঠাতা॥
সৃষ্টি কথা কহো নকৰিবা আন চিত্ত।
ভিন্ন ভিন্ন কৰি কহো শুনা পৰীক্ষিত॥
সাত্ত্বিকত হন্তে দশ দেৱ উতপতি।
বায়ু বহ্নি বিষ্ণু ইন্দ্ৰ দিশ প্ৰজাপতি॥
অশ্বিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ।
এহি অধিষ্ঠাতা দশ দেৱ সত্ব গুণ॥