মহা প্ৰকৃতিয়ো পুৰুষতে ভৈল লীন।
নথাকিল আন একো পুৰুষতো ভিন॥
নাহি জল নাহি স্থল নাহিকে আকাশ।
নাহি মহা বায়ু চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশ॥
নাহি শীত উষ্ণ ঋতু নাহি ৰাত্ৰি দিন।
সমস্তে সংসাৰ গৈল ঈশ্বৰত লীন॥
প্ৰকৃতিৰো ঈশ্বৰ পুৰুষ স্বতন্তৰ।
নাহি যিটো ব্ৰহ্মৰ বাহিৰ আভ্যন্তৰ॥
জগতৰ জীৱ উদৰতে দিয়া বাস।
কেৱল ঈশ্বৰ কৃষ্ণ কৰন্ত প্ৰকাশ॥
অনাদি অনন্ত যিটো ব্ৰহ্ম নিৰঞ্জন।
জ্ঞানময় আনন্দ ৰসত মগ্ন মন॥
নয়ন কমল মুদি যোগ-নিদ্ৰা চলে।
আপোনাকে চিন্তি মাত্ৰ ছলন্ত কেৱলে।
অনেক সহস্ৰ যুগ এহি মতে গৈল।
দুনাই ঈশ্বৰৰ সৃষ্টিক ইচ্ছা ভৈল॥
একশ্বৰে আছো আমি আদি নিৰঞ্জন।
সৃষ্টি নাহি আমাক যে নকৰে শোভন॥
চৈধ্যয় ভুবন উদৰতে দিলো ঠাই।
প্ৰকৃতি মায়াও আছে গৰ্ভতে লুকাই॥
জৰ হুয়া আছে কাৰো নাহিকে চেতন।
মই মাত্ৰ চৈতন্য পুৰুষ নিৰঞ্জন॥
একশৰে থাকি আমি কৰো কোন কাজ।
শৰীৰৰ পৰা সবে জীৱ হোক বাজ॥
মায়াৰ হাতত কৰাও জগত প্ৰকাশ।
কৰো সৃষ্টি লীলা আবে বিনোদ বিলাস॥
এহি বুলি মেলি পদ্ম নয়ন অনন্তে।
মায়াক কটাক্ষে চাহিলন্ত ভগৱন্তে॥
জ্বৰ প্ৰকৃতিত কৰিলন্ত জীৱ দান।
অষ্ট গুণে তেজষোল গুণে ভৈল প্ৰাণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
অনাদি পাতন।