ৰুক্মিণীৰ কাৰ্য্যে তুমি আইলা বেদনিধি।
ৰথৰ বেগত হৰুৱাইলা শ্ৰুতি বুদ্ধি।
হেন শুনি বেদনিধি কিছু শ্ৰুতি পাইলা।
ধীৰে ধীৰে মাধৱক চক্ষু মেলি চাইলা॥
কৃষ্ণক বোলন্ত গোঁসাই লাগিল চমক।
আৰু খনিতেক গৈয়া দেখোঁহোঁ যমক॥
ৰথৰ এনুৱা বেগ নতু দেখি শুনি।
এৰাইলোঁ প্ৰমাদ আজি তোমাৰেসে গুণি॥
আউৰ জোনো হেন বেগ ধৰন্ত দাৰুক।
অদ্যাপিও তৰতৰি কাম্পে মোৰ বুক॥
হেন শুনি ৰথক ডাকিলা লাসে লাসে।
দ্বিতীয় আদিত্য যেন আকাশে প্ৰকাশে॥
সুবৰ্ণ কিঙ্কিণী চয় ৰুণঝুণ বাজে।
উৰ্দ্ধ মুখে সচকিতে চাহে সামৰাজে॥
কোনে কহিবেক সিটো ৰথৰ মহিমা।
একদিনে পাইলা গৈয়া কুণ্ডিণৰ সীমা॥
কৌশাম্বীক নামে এক দেখিলা নগৰী।
ৰাখিয়োক ৰথ বুলি আদেশিলা হৰি॥
হেন শুনি দাৰুকে ৰাখিলা ৰথবৰ।
এতেকতে অস্তাঙ্গত ভৈলা দিবাকৰ॥
বিশ্বকেতু নামে ৰাজা কৌশাম্বীৰ পতি।
ৰাত্ৰি দিনে কৰে সিটো কৃষ্ণত ভকতি॥
মাধৱেসে জীৱ তান মাধৱেসে প্ৰাণ।
মাধৱত পৰে ৰাজা নিচিন্তয় আন॥
শুনিলন্ত ৰাজা আসিলন্ত দেৱহৰি।
গলা গোপা কৰে সবে কৌশাম্বী নগৰী।
নিশ্চয় জানিল আসিলন্ত দেৱহৰি।
পৰম আনন্দে লৰ দিলা শীঘ্ৰ কৰি॥
কৈৰা হৰি কৈৰা হৰি বুলিয়া চেঞ্চাই।
নৃপতিৰ ভকতি আচন্ত হৰি চাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ৰুক্মিণী হৰণ।