মন পৱনৰ বেগে চলে বথ বৰ।
ছুটিল নাৰাচ যেন অতি শীঘ্ৰতৰ॥
প্ৰলয়ৰ মেঘ যেন শোসাই বায়ু লাগি।
আকাশৰ পক্ষী পলাই দশো দিশে ভাগি॥
শ্ৰুতি ভঙ্গ ভৈল বেদনিধি বেগ দেখি।
দুই হাতে ঢাকি মুদিলন্ত দুই আখি॥
পৰম বিহ্বল ভাব হুয়া দ্বিজৰাজ।
ফুৰণি দেখিয়া পৰিলন্ত ৰথ মাজ॥
আলোল্য ব্ৰাহ্মণ জাতি কোমল শৰীৰ।
কৃষ্ণৰ ৰথৰ বেগে কেন হৈব থিৰ॥
নকাঢ়ে উশাস অচেতন বেদনিধি।
উখসিল পেট একো নাই ঋদ্ধি সিদ্ধি।
মুৰ্চ্ছা গৈল ব্ৰাহ্মণ দেখিলা বনমালী।
আথেবেথে সাবটি ধৰিলা আঙ্কোৱালি॥
দেখিয়া দাৰুকে বাঘ জৰিক আজুৰি।
ৰাখিলন্ত ৰথৰ ঘোড়াৰ মুখ মুৰি॥
নলবয় পেট হৰি হাত বুলাই চাইল।
ফুকন্তে ফুকন্তে কথমপি ধাতু আইল॥
ব্ৰাহ্মণৰ শিৰে হৰি ঢালিলন্ত পানী।
ঢিমিকি ঢিমিকি মাত্ৰ লৰে ধাতুখানি॥
থিৰ হোৱা বেদনিধি দৃঢ় কৰা চিত্ত।
কিসক বিহ্বল ভৈলা হেন বিপৰীত॥
অনেক আশ্বাস কৰি মাধৱে চিয়ান্ত।
তথাপিতো চক্ষু মেলি ব্ৰাহ্মণে নচান্ত॥
নিচিনোহো তোমাক তুমি বা কোন জন।
কৈৰ হন্তে আসি আছোঁ কোঠেৰ ব্ৰাহ্মণ॥
কোন থানে পৰি আছোঁ কি কাৰণে আসি।
হেন শুনি মাধৱে মাতন্ত হাসি হাসি॥
দ্বাৰকাৰ কৃষ্ণ মই চায়ো চক্ষু মেলি।
একে ৰথে চলি যাওঁ কুণ্ডিণক বুলি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
অসমীয়া সাহিত্যৰ চানেকি।