কৃষ্ণৰ ৰথক ৰাজা দেখি বিদুৰতে।
কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত দন্তৱতে॥
পুনৰপি উঠি কৃতাঞ্জলি হুয়া বৰে।
ভৰি চাৰি গৈয়া পুনু দণ্ডৱতে পৰে॥
এহি মতে ৰথৰ পাইলন্ত সন্নিহিত।
কৃষ্ণৰ আগত গৈয়া পৰিল ভূমিত॥
কৃষ্ণ কৃষ্ণ বুলি পৰি আছে কতো বেলি।
দেখি নাৰায়ণে ধৰিলন্ত হাত মেলি॥
মাধৱে বোলন্ত বিশ্বকেতু উঠ উঠ।
তোহোৰ ভকতি দেখি ভৈলোঁ মহা তুষ্ট॥
এক চিত্ত মনে তুই আৰাধস মোক।
ৰাজশ্ৰীক ভুঞ্জন্তে তোহোৰ মোক্ষ হোক॥
নয়নৰ হন্তে ঝৰে হৰিষ লোতক।
কৃষ্ণ পৰশনে ৰাজা পাইল আনন্দক॥
আতি ৰঙ্গমনে উঠি বিশ্বকেতু ৰাজা।
পাদ্য অৰ্ঘে মাধৱক কৰিলন্ত পূজা॥
কৃষ্ণৰ চৰণে ধৰি কৰয় কাতৰ।
কৰিয়ো মুকুতি মোৰ কোটি পুৰুষৰ॥
ৰাত্ৰি গোট বঞ্চা আজি প্ৰভু দামোদৰ।
পৰম পবিত্ৰ হোক কৌশ্বাম্বী নগৰ॥
আমাৰ গৃহত গোঁসাই হুয়া অভ্যাগত।
তুমি তুষ্ট ভৈলে তুষ্ট হোৱে ত্ৰিজগত॥
কৃষ্ণে অনুমানি সেহি বাক্য নৃপতিৰ।
প্ৰবেশিলা গৈয়া বিশ্বকেতুৰ মন্দিৰ॥
দেখি নৃপতিৰ আনন্দৰ সীমা নাই।
ৰত্নময় আসনক দিলেক বঢ়াই॥
সুখে বসিলন্ত তাতে জগতৰ পতি।
পঞ্চামৃতে ভোজন কৰাইলা মহামতি॥
বেদনিধি বিপ্ৰ আৰু সাৰথি দাৰুকে।
কৰিলা ভোজন দুয়ো পৰম উৎসুকে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
অসমীয়া সাহিত্যৰ চানেকি।