পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
অৰণ্যকাণ্ড।

হাতৰ ৰতন মোৰ হে
কোনে নিলে ছলি।
আপুন দোষে হৰুৱাইলো চিত্ৰৰ পুতলী॥
শৰীৰৰ কান্তি যেন হে
আন্ধাৰৰ বাতি।
বিনা প্ৰদীপত জলে শৰীৰৰ জেউতি।
মৃণালৰ ভাল যেন হে—
হালয় কঙ্কণে।
সাক্ষাতে দেখিয়া যেন ৰাজহংস চলে॥
সীতা অবিহনে ভায়া হে—
জিৰাব কোন ফল।
লৈয়া ধনুশৰ বাপ আগ হুয়া চল॥
এহি বুলি পাছে মেঢ় হে—
মন্দিৰক ছাৰি।
সীতাৰ উদ্দেশে মে ফেলাইলেক ভৰি॥


পদ।

কোটৰ গভৰ গিৰি গৃহ যে কন্দৰ।
নদী যে আৱৰ কূপ দীঘি সৰোবৰ॥
বন উপবনচয় সকলো চাহিলা।
সীতাক নপায়া দীৰ্ঘনিশ্বাস ছাৰিলা॥
অসন্তোষে থাকিলন্ত বৃক্ষতলে বসি।
শিশিৰে ঢাকিলা জেন পূৰ্ণিমাৰ শশী॥
লক্ষ্মণক বোলে ভায়া বসিয়ো ছায়াত।
ৰৌদ্ৰ ৰশ্মি লাগে ভায়া তোমাৰ মুখত॥
চৈত্ৰ বৈশাগৰ যে বিষম ৰৌদ্ৰজাল।
বৃক্ষৰ ছায়াত ভায়া জিৰায়ো সকল॥
তোৰ দুখ দেখিয়া নসহে কলেবৰ।
শুনিয়োক ভায়া সুমিত্ৰাৰ সুকুমাৰ॥