পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৬
অসমীয়া সাহিত্যৰ চানেকি।

লক্ষণ বদতি দদা বিশ্ৰুতি যে হুই।
নিশাত কিসৰ আজে ৰবিৰ উদয়॥
শিশিৰ প্ৰকাশ ভৈলা ৰবিৰ জেউতি।
ৰাত্ৰিক বোলয় দিন কিনো ৰঘুপতি॥
সীতা শোকে তোমাৰ যে হৰাইলন্ত জ্ঞান।
নিশাক কৰয় ৰবি ৰশ্মিৰ সমান॥
নুহি ৰৌদ্ৰ হেৰা দেখা পূৰ্ণিমাৰ শশী।
গ্ৰহগণ হেৰা আছে আকাশ প্ৰকাশি॥
লক্ষ্মণ মুখে শুনি এতেক বচন।
অধোমুখ হুয়া আছিলেক কতোক্ষণ॥
ৰাত্ৰি হেন ভাবি ৰাম বৃক্ষতলে বসি।
সীতা সীতা বুলি ৰাম থাকিলা উপেক্ষি॥
ছাহা শশিমুখী বুলি তেজিলা নিশ্বাস।
ৰামৰ চৰণে ভণে দুৰ্গাবৰ দাস॥


   ৰাগ—সুহাই।

শুনা শুনা জীয় লক্ষণৰে তাই
বঞ্চিবো ঘৰে কি লৈয়া।
ৰূপে বিদ্যাধৰী গুণৰ সাগৰী এ
কোথাত থাকিল জাইয়া।
কৰিয়া নিঠুৰ গৈলেক বিদূৰ
আমাক এখানে থৈয়া॥
অমৃত সুৰস বাণী মনোহৰ এ
শুনিতে ৰঞ্জয় মন।
কাঢ়ি নিলে জীউ জনকৰ জিউ এ
হানিয়া অগনি বাণ॥
হাতৰ ৰতন হুয়া অচেতন
আপুনি সে হৰুৱাইলো।
চিত্ৰৰ পুতলী তনু জুণ্ণাৱলী—এ
কাহাৰ ভালে যোগাইলো॥