সীতায়ে অমূল্যধন সীতায়ে সৰ্ব্বভূষণ
সীতা মোৰ অমূল্য ভাণ্ডাৰ।
সীতা অবিহনে ভাৰ্য্যা জীবন বিফল হে
সীতা তিনি কুলৰ উদ্ধাৰ॥
যদিবা মোহোৰ তাপে ক্ৰোধে বাহিৰাইলা হে
তথাপি আনিবো প্ৰাণ জায়া।
অন্ন ব্যঞ্জনক আৰ একোকে নাখাইবো হে
থাকিবোহো শৰ্য্যাত শুতিয়া॥
নেদেখিবো আৰ যাক মনত সুমাৰো তাক
দেখাই দিবেক আৰ কোনে।
এহি বুলি নাৰায়ণ কান্দিলন্ত সৰ্ব্বক্ষণ
কহে প্ৰভু কান্দিয়া কাৰুণ্যে॥
ধৰণিত পৰি ৰাম অচেতন ভৈলা হে
প্ৰিয়া শোক সহিতে নাপাৰি।
সৰস্বতী কৃপাগুণে দুৰ্গাবৰ দাসে ভণে
সীতা শোকে আকুল মুৰাৰি॥
ৰাগ-ধনশ্ৰী।
কুবুদ্ধি লাগিয়া ৰৈলো হে
কি কৰে জীৱন।
শুনি নিন্দা কৰিবেক অযোধ্যাৰ জন।।
কি লাজে দেশক যাইবো হে
ভৈলা মন্দৰাশি।
হৰাইলো কামিনী ৰত্ন আমাৰ বৈদেহী॥
চক্ষুষে আচন্তে মোৰ হে
নেদেখো নয়নে।
জীৱন্তে মৃতক ভৈলো প্ৰাণ প্ৰিয়া বিনে॥
ৰাম হেন ক্ষেত্ৰি হুয়া হে
হৰুৱাইলো নাৰী।
প্ৰিয়াৰ বিয়োগে মোৰ প্ৰাণ যাই ছাৰি॥