আনন্দে নধৰে হিয়া শিহৰে শৰীৰ।
মহাস্নেহে চক্ষুৰ আপুনি বহে নীৰ॥
দুইৰো ৰূপ দেখি কেন আনন্দ হৃদয়।
দুইকো নিৰখিয়া লোক ভৈলন্ত বিস্ময়॥
অল্প বয়সত শিশু দুই মহাগুণী।
হেন ৰূপে ঋষিৰ তনয় নাহি শুনি॥
এই বুলি ৰামে পাছে বুলিলা বচন।
শুনি আছোঁ তোৰা দুই পৰম গায়ন॥
জানিলো গীতত তুমি সব সুশিক্ষিত।
কেন কৰা ৰামায়ণ গাৱা শুদ্ধ গীত॥
শুনি পাছে ৰামৰ আদেশ দুই ভাই।
দিলা ৰাগ দুয়ো পাছে পঞ্চম উড়াই॥
একজনে তাল এক জনে যন্ত্ৰ বাই।
তাল সমে ঘোৰ নাদ পঞ্চম উহাই॥
প্ৰথমে ধৰিল আদিকাণ্ড ৰামায়ণ।
কৈলা সূৰ্য্য বংশ যত যত মহাজন॥
ইক্ষাকু কাকুস্থ অজ ৰঘু নৃপবৰ।
ভৈলা দশৰথ ৰাজা সূৰ্য্যবংশধৰ॥
বলে বিদ্যে সমচৰ নুহি পুৰন্দৰ।
ক্ষমায় ধৰণী ধৈৰ্য্যে গম্ভীৰসাগৰ॥
প্ৰতাপত আদিত্য ক্ৰোধত যেন যম।
নাহি নুপূজিবো ৰাজা দশৰথ সম॥
শচীত অধিক তান তিনি পটেশৰী।
কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ী সুন্দৰী॥
তিনিত ভৈলন্ত পাছে চাৰি পুত্ৰ জাত।
জেষ্ঠ ভেলা ৰামচন্দ্ৰ গৰ্ভে কৌশল্যাত॥
কৈকেয়ীত ভৈলন্ত ভৰত উতপন।
সুমিত্ৰাত ভৈলন্ত লক্ষণ শত্ৰুঘন॥
কৰন্ত ভকতি নিতে ৰামৰ চৰণে।
গম্ভীৰসাগৰ আতি ৰামচন্দ্ৰ যেনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
অসমীয়া সাহিত্যৰ চানেকি