পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৫
ৰামায়ণ।

ৰামৰ সমান শ্যাম তনু কৰে কান্তি।
দাড়িম্বৰ বীজ যেন দন্তে দুই পান্তি॥
পদ্মপত্ৰ সম সেহি আয়তলোচন।
কচিকৰ কৰ্ণ মুখে মধুৰ বচন॥
শিৰ চক্ৰ কুটি নীল আকুঞ্চিত চুলি।
আজানুলম্বিত বাহু সুদীৰ্ঘ আঙ্গুলি॥
আৰকত অধৰ যে কম্বুকণ্ঠ গল।
ৰামৰ সদৃশ দুইৰ দেখি বক্ষস্থল॥
সিংহবন্ধ কটি কন্ধ উৰু কৰিকৰ।
শিশু দুইক দেখি আতি আনন্দ লোকৰ॥
পৰিল নিযম প্ৰজা নিৰখিয়া কান্তি।
শিশু দুইক চাই চাহে ৰাঘৰৰ ভীতি॥
নাহি ভেদাভেদ ৰাম সমে একো কায়া।
দৰ্পণত দেখি যেন ৰাঘবৰ ছায়া॥
ঘনে ঘনে বোলে কিন্তু দুয়ো সুকুমাৰ।
সকল শোভন দেহা ৰামৰ আকাৰ॥
সেহি মুখ হাসি সুবলিত হাত পাৱ।
ইটো দুইৰ কোননো সুবৰ্ণমুখী মাৱ॥
জয়মনি বদতি শুনিয়ো জন্মিজয়।
এহি মতে লোকে সবে পৰমবিস্ময়॥
জোৰ-হস্ত নভৈলে বাকল চিৰধাৰী।
ৰামৰ কুমাৰ হেন বুলিবাক পাৰি॥
হনুমন্ত শত্ৰুঘন লক্ষণ ভৰত।
পৰম বিস্ময় কথা কহন্ত কৰ্ণত॥
বনবাসে গৈলা সীতা শান্তি গৰ্ভৱতী।
তাহাৰ নয় ইটো ৰামৰ সন্ততি॥
সীতা বিনে নাহি ৰাঘবৰ ভাৰ্য্যা আন।
কেন মতে ৰূপে ভৈলা ৰামৰ সমান॥
গুণন্ত মনত ৰামচন্দ্ৰ কৃপাময়।
এহি দুই ৰঘুবংশ জানিলো নিশ্চয়॥