পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৭
ৰামায়ণ।

পৰম পুৰুষ শান্ত শীতল স্বভাৱ॥
ভৈলা লোকৰঞ্জণ প্ৰজাৰ বাপ মাৱ।
কোনে কহিবেক তাত মহিমা অপাৰ।
গাৱে কুশ লৱে আদিকাণ্ড ৰামায়ণ॥
কোকিলাৰ স্বৰ যেন তালে মানে যদি।
শুনন্তে অমৃত আন ভীতি কাণ নেদি॥
ৰামৰ চৰিত্ৰ ৰস পৰম অমৃত।
নিষম পৰিয়া প্ৰজা শুনে আনন্দিত॥
কিবা সোপানত কিবা শুনন্তে সচিতে।
কিবা পৃথিবীত কিবা আছন্তে স্বৰ্গতে॥
ক্ষুধা ভুখ নলাগয় নাহি অন্য পান।
শিশু দুইৰ গীততে লাগিল যেন ধ্যান॥
উত্তৰাকাণ্ডৰ পদ শুনা সভাসদ।
তাহাৰ কীৰ্ত্তনে তৰে যাতনা আপদ॥
কলিত সদগতি নাহি বিনে হৰি নাম।
মাধৱ কন্দলি ভণে বোলা ৰাম ৰাম॥