পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৪
অসমীয়া সাহিত্যৰ চানেকি।

গাৱে অপেস্বৰা বিদ্যাধৰে কৰে নাট।
গাৱে গীত গন্ধৰ্ব্বে চপয়া পৰে ভাট॥
কুসুম বৰিষে সিদ্ধ স্বনী বিদ্যাধৰ।
বলিয়া আচন্ত ৰাম হেন চমৎকাৰ॥
ৰত্নময় সিংহাসনে কৰন্ত প্ৰকাশ।
চাৰু শ্যাম তনু তাতে শোভে পীত বাস॥
শিৰ চক্ৰ কুত কেশ নিলখ কুচিত।
সুন্দৰ ললাটে জ্বলে তিলক লতিত॥
অলকা পঙ্কতি ৰতু কিৰীটি উজ্জ্বল।
ৰুচিকৰ কৰে মণি মকৰকুণ্ডল॥
ধ্ৰুব সুবলিত নেত্ৰ পঙ্কজ পৰায়।
সুবেশ নাশিকা ওষ্ঠ কণ্ঠ অভিনয়॥
নিবিড় দশন জলে মুকুতাৰ পান্তি।
ভ্ৰূবযুগ কেয়ুৰ কঙ্কণে কৰে কান্তি॥
আৰ কত কৰক দেখন্তে আতি তুষ্টি।
সুদীৰ্ঘ আঙ্গুলি তাতে ৰত্নৰ আঙ্গুষ্টি।
মনোহৰ হিয়ে মণি মুকুতাৰ মালা।
কটিত মেখলা ৰত্ন চিকিমিকি জালা।
সুবলিত উৰু আৰাকত পদতল।
ৰত্বৰ নুপৰ জ্বলে চৰণকমল॥
নয়ন ৰচিত দ্যুতিমন্ত কামদেৱ।
সুৰাসুৰে উপাসি চৌপাশে কৰে সেৱ॥
শাৰি শাৰি তুলি ধৰি আছে ছত্ৰদণ্ড।
শৰীৰৰ জ্যোতি প্ৰকাশন্ত সভাখণ্ড॥
হেন চমৎকাৰে বসি আছন্ত ৰাঘৱ।
সেহি সময়তে প্ৰবেশিলা কুশ লৱ॥
নগৰীয়া লোকে আসে লগতে উভতি।
দেখি সমজ্যাৰ প্ৰজা চাৱে চতুৰ্ভীতি॥
ৰামৰ আদেশে সেহি সভামধ্যে উঠি।
মেৰুত প্ৰকাশে যেন চন্দ্ৰমা দুই গুটি॥