পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩
ৰামায়ণ

শুনি ৰামে দিল। ভৰতক সমিধান।
দুত পঠাই শিশু দুইক ইঠায়ক আন॥
শিখিলেক কৈত গীত কাহাৰ কুমাৰ।
কেনেবাষে শুনু গাৱে চৰিত্ৰ আমাৰ॥
ৰামৰ বচন শুনি সুমিত্ৰাৰ সূত।
বাছি বাছি পাঞ্চিল কুশল চাৰি দূত॥
পৰম হৰিৰে ৰঙ্গে গান্তে আছে গীত।
কোকিলৰ স্বৰ যেন বৰিযে অমৃত॥
গাৱন্তে আছ গীত ৰঙ্গে দুই ভাই।
নিবেদিলা দুতে আসি আদেশ বোলয়॥
ৰাজাৰ আজ্ঞাক পালি চলিয়ো ত্বৰিত।
ৰাজসমাজত গৈয়া দুয়ো গাৱা গীত॥
দেখিবাক ইচ্ছা বৰ কৰন্ত ৰাঘৱে।
হেন শুনি আনন্দে লৰিলা কুশ লৱে॥
ৰূপে অনুপম দুয়ো সীতাৰ সন্ততি।
গজপতিগমন গভীৰ থিৰমতি॥
চলিলন্ত ৰাঘৱৰ সমীপক প্ৰতি।
বেঢ়িলন্ত নাৰী সবে চলিলা উভতি॥
বসিয়া আচন্ত ৰাম ৰত্নসিংহাসনে।
উপাসন্ত শত্ৰুধন ভৰত লুক্ষণে॥
খনেক নৃপতি কৃতাঞ্জলি তুতি কৰেঁ।
শ্বেতছত্ৰ তুলি ধৰি বিছন্তে চামৰে॥
গাল্লব গৌতম সান্ত সুমন্ত কাৰ্ত্তিক।
অস্থি বিশ্বমিত্ৰ অত্ৰি অগস্তি নিটিক॥
পুলস্তি পুলহ বিল্ক বশিষ্ঠ প্ৰমুখ্যে।
আচন্ত কৌতুকে বসি এক পাষে চক্ষে॥
বিভীষণ জাম্বয়অন্তু আৰ হনুমন্ত।
নলনীল প্ৰমুখ্যে বানৰ অপৰ্য্যন্ত॥
লক্ষ লক্ষ বানৰ ভালুক কোটি কোটি।
চৌপাশে উপালি পৰি কৰি লাটিসুটি॥