সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
অসমীয়া সাহিত্যৰ চানেকি।

পৰম গম্ভীৰ ধীৰ সুবদ্ধি সুস্থিৰ।
অনন্তৰে পাইল গৈয়া গোমিত্ৰৰ তীৰ॥
ৰামৰ নিকট আসি ভৈলন্ত প্ৰবেশ।
হাতে তাল ধৰি দুয়ো সুন্দৰ সুবেশ॥
যন্ত সব বজন্তে শুনন্তে মনোহৰ।
এৰি ভাত পানী প্ৰজা শুনে নিৰন্তৰ॥
ৰামৰ জন্মৰ পৰা ৰাৱাণ্ণাৰ বধ।
ৰামায়ণ শুনে সবে নব নত বদ্ধ॥
কোকিলাৰ স্বৰত অমৃত কৰে বৃষ্টি।
চাৱে চতুৰ্ভিতি নৰনাৰী একদৃষ্টি॥
গুণে ৰূপে গীতে আতি লোক ভৈলা ভোল।
পৰম নগৰী নাৰী সবে নেড়ে কোল॥
অমৃত সমান নাগ শুনতে সুবেশ।
শুনি মুহে চক্ষু কেহো নকৰে নিমিষ॥
লৱৰ কুশৰ গীতে ভোল সৰ্ব্বজন।
আছে মানে সৰ্ব্বস্ব তাৰাক দেই দান॥
বস্ত্ৰ অলঙ্কাৰ কেহো যাচে পঞ্চামৃত।
পঞ্চিশ বেঞ্জনে দেই ভোজনে অমৃত॥
ফলমূল ভোজন বাকলি পৰিধান।
নলাগই বলি হাসি দেই সমিধান॥
আমি বনবাসীৰ ধনত কোন কাজ।
দেখিয়া বিস্ময় আতি হৱে সমৰাজ।
আনন্দে ভৰিলা হিয়া হৰষিত মন।
শ্ৰীৰামৰ আগে পাত্ৰ লোকে দিলা জান॥
কৈবা দুই গুটি শিশু আতি সুকুমাৰ।
গাৱে আদি অন্তে প্ৰভু চৰিত্ৰ তোমাৰ॥
স্বৰ্গ মৰ্ত্ত্য পাতালৰ গীতাল যতেক।
তোমাৰ প্ৰসাদে প্ৰভু দেখিলোঁ প্ৰত্যেক॥
একোৱে পুৰুষে নতু শুনে হেন গীত।
কাকিলৰ স্বৰসম বৰিষে অমৃত॥