ভল্ল ভিণ্ডিপাল ৰে নবাচ কনিয়ালী।
আৰু দিব্য নামা শৰ হানে মহাবলী॥ ৮৮১
শিলিমুখ সৰ্পমুখ ত্ৰিকণ্টিকা দণ্ড৷
ইসব প্ৰমুখ্যে শৰ হানে অপৰ্য্যন্ত॥
আৰু অসংখ্যাত শৰ হানে ধনঞ্জয়।
নিসন্ধি ভেদিলা বীৰে হৰৰ হৃদয়॥ ৮৮২
দুয়ো হাতে শৰাচ্ছন্ন কৰে বীৰবৰ।
হাতক মনিবে নপাৰয় মহেশ্বৰ॥
ওৰ কুসুমৰ বৰ্ণ দেখি কলেৱৰ।
পলাশ ফুটিলা যেন বসন্ত কালৰ॥ ৮৮৩
হৃদয় বিদাৰি তেজ বহে নিৰন্তৰ।
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ॥
অসংখ্যাত শৰ প্ৰহাৰিলা হোঁহ বুলি।
মহেশৰ পাশে শীঘ্ৰ বেগে গৈলা চলি॥ ৮৮৪
এহি মতে শৰ যেবে অৰ্জ্জুনে হানিলা।
দশোদিশ আকাশ যে অন্ধকাৰ ভৈলা॥
দুইকো দুই শৰ প্ৰহাৰম্ভ মহাবল।
হৃদয় বিদাৰি শৰ পশয় পাতাল॥৮৮৫
শঙ্কৰে হানয় ধনঞ্জয় ৰুদ্ৰ শৰ।
দিশ পাশ আকাশ ঢাকিলা নিৰন্তৰ॥
দিবসতে ৰাত্ৰি ভৈলা ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥ ৮৮৬
আৰ শৰ অৰ্জ্জুনেও পেলাইলেক হানি।
জাজ্বল্য সমানে শৰ যায় দিন গনি ছানি॥
হৰৰ হিয়াত পৰিলেক বৰ টানে।
ঢলি পৰিলেক হৰ বৃষভৰ মানে॥ ৮৮৭
কতো বেলি চেতন লভিলা মহেশ্বৰ।
চেতন পাইয়া গৰ্জ্জি বোলে শূলধৰ।
হাওঁৰে অৰ্জ্জুন ভোক মাৰি কৰোঁ নাশ।
কৃষ্ণৰ সহায় পাই মুনিব বেলাস॥৮৮৮
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৩
দেৱজিত ৷