পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
অসমীয়া সাহিত্যৰ চানেকি ৷

শৰৰ প্ৰহাৰে হৰ ভৈলা তমোময়।
সন্ধুক্ষণ ভৈলা পাছে ব্ৰহ্মৰ তনয়॥
চেতন লভিয়া হৰ গুণে মনে মন।
দেৱতাৰ আগে মই বুলিলোঁ বচন॥৮৭৪
অৰ্জ্জুন সহিতে মই কৰিবোহোঁ ৰণ।
সমৰ মাৰি অৰ্জ্জুন কৰোঁ ছন্ন॥
যদি নামাৰোঁহো হোৱে অঙ্গীকাৰ ছন্ন।
এহিসে কাৰণে কৰোঁ দুৰ্ঘোৰ যে ৰণ॥ ৮৭৫
মৰণ কালত কোনে কৰিবেক ত্ৰাণ।
ইহাৰ প্ৰহাৰ যেন বজ্ৰৰ সন্ধান॥
এহি বুলি মহেশৰ ক্ৰোধ গুৰুতৰ।
পিনাকত যুৰিলন্ত দশ অগ্নিশৰ॥৮৭৬
প্ৰহাৰ কৰিলা হৰে পিনাকত টানি।
আকাশে চলিলা শৰ বহ্ণি সম ছানি॥
জাকে জাআকে অগনি নিকলে হুই বাজ।
প্ৰচণ্ড আন্দোলে চলে গগনৰ মাজ॥৮৭৭
অৰ্জ্জুনে দেখন্তু অগ্নিশৰ আসে চানি।
আথবেথ কৰি বীৰে অগ্নি শৰ আনি॥
শাৰঙ্গত যুৰি শৰ কৰিলা প্ৰহাৰ।
শঙ্কৰৰ অগ্নিশৰ কৰিলা সংহাৰ॥৮৭৮
তীখাল চোখাল দিব্য বত্ৰিশ যে শৰ।
শাৰঙ্গ ধণুত যুৰিলন্ত বীৰবৰ॥
কৰ্ণমানে ধনু টানি কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰ॥৮৭৯
মনোজয় বেগে যায় অৰ্জ্জুনৰ শৰ।
বক্ষস্থলে ভেদিলেক দুৰ্জ্জয় হৰৰ॥
হৃদয় বিদাৰি পিঠি পাচে ওলাই শৰ।
তুণত পশিলা যাই বীৰ অৰ্জ্জুনৰ॥ ৮৮০
শৰৰ প্ৰহাৰে হৰ জৰ্জ্জৰিত ভৈলা।
অথাকে অৰ্জ্জুনে শৰ প্ৰহাৰিয়ে লৈলা॥