পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
অসমীয়া সাহিত্যৰ চানেকি ৷

এহি বুলি হৰে আনি হাজাৰেক বাণ।
পিনাকৰ গুণে যুৰি কৰিলা সন্ধান॥
অৰ্জ্জুনে হানিলা দুই হাজাৰ যে শৰ।
শঙ্কৰৰ শৰ সবে কৰিলা সংহাৰ॥ ৮৮৯
যেন যুদ্ধ ভৈলা পূৰ্ব্বে বলি বাসৱৰ।
সেহি মতে যুদ্ধ ভৈলা হৰ অৰ্জ্জুনৰ॥
যুদ্ধ দেখি চৰাচৰ চমক লাগিলা।
দুই অস্ত্ৰে ঘোৰ যুদ্ধ কৰিবাক লৈলা॥৮৯০
হেন দেখি মহেশৰ ক্ৰোধ জ্বলি গৈলা।
প্ৰলয়ৰ বহ্নিসম শৰ প্ৰহাৰিলা॥
আথবেথ কৰি হৰে মাৰি শৰ পাত।
জাজ্বল্য সমানে চলে মাৰুতৰ বাট॥৮৯১
অৰ্জ্জুনেও সেই বেগে হানে দশ বাণ।
বিম্বাদ শবদে চলে অগ্নি সম থান॥
অৰ্জ্জুনৰ শৰে শঙ্কৰ শৰ পাই।
আকাশতে হৰশৰ কৰিলন্ত ক্ষয়॥ ৮৯২
অস্ত্ৰ ছন্ন ভৈলা দেখি ক্ৰোধিলন্ত হৰ।
সহস্ৰ হাজাৰ প্ৰহাৰিলা ব্ৰহ্মশৰ॥
আকাশ ঢাকিয়া যায় জ্বলি ঘোৰ বহ্নি।
শুষিলন্ত জলে যেন প্ৰলয় অগনি॥ ৮৯৩
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ ভৈলা টান।
লক্ষ কোটি ব্ৰহ্মবাণ কৰিলা সন্ধান॥
জাজ্বল্য সমানে চলে অৰ্জ্জুনৰ বাণ।
হৰ-শৰ আকাশতে কৰিলা নিৰ্য্যাণ॥ ৮৯৪
হৰ-শৰ ছন্ন কৰি মাধৱৰ শৰ।
তুণত পশিলা যাই বীৰ অৰ্জ্জুনৰ॥
ব্ৰহ্মবাণ ছন্ন দেখি হব গৈলা জ্বলি।
পাঞ্চ অৰ্দ্ধচন্দ্ৰ প্ৰহাৰিলা হোঁহ বুলি॥ ৮৯৫
বিজুলী চমকে শৰ শীঘ্ৰে যায় চলি।
অৰ্জ্জুনৰ হিয়াত পৰিলা হলাহলি॥ ৮৯৬