মোহোক জানিবা সখি আদি নিৰঞ্জন।
কোটি কোটি ব্ৰহ্মাণ্ডৰ মই নাৰায়ণ॥
পূৰ্ণ ব্ৰহ্ম কৃষ্ণ মই নিৰঞ্জন হৰি।
ভক্তৰ কাৰণে আছোঁ নৰ ৰূপ ধৰি॥ ৭০৯
ৰাক্ষস অসুৰ দুষ্ট দৈত্য সৱ মাৰি।
পৃথিবী ভুবনে আছোঁ বৰ লীলা কৰি॥
আৰু এক কথা কহোঁ শুনা ধনঞ্জয়।
কি কাৰণে ব্ৰহ্মা বিষ্ণু স্ৰজি আছোঁ মই॥ ৭১০
ৰজ সত্ব তম গুণে স্ৰজি তিনি জন।
আকশতে থাকি মই বুলিলোঁ বচন॥
ৰজ গুণে ব্ৰহ্মা তুমি স্ৰজা চৰাচৰ।
সত্ব গুণে বিষ্ণু তুমি পালা নিৰন্তৰ॥৭১১
তম গুণে হৰ তুমি জগত সংহাৰ।
এহি বুলি তিনিকো যে দিছো তিনি ভাৰ॥
হেনয় বচন কিয় এৰি মহেশ্বৰ।
তোমাক কৰিবে আসে সম্মুখে সমৰ॥ ৭১২
মোহোৰ স্ৰজন আবে কাৰণ ঈশ্বৰ।
ইহাৰ কাৰণে খেদ এৰা বীৰবৰ॥
পূৰ্ণব্ৰহ্ম শব্দব্ৰহ্ম কৃষ্ণব্ৰহ্ম পূৰ্ণ।
অদ্ভুত অনন্ত পূৰ্ণব্ৰহ্ম নিৰঞ্জন॥ ৭১০
অনাদি অনন্ত হৰি নিত্য সনাতন।
নিৰাময় নিৰ্ব্বিকাৰ দেৱ নাৰায়ণ॥
মৎস্য কুৰ্ম্ম ৰাম আদি অংশে অৱতাৰ।
পূৰ্ণব্ৰহ্ম হুই আছোঁ দৈবকী কুমাৰ॥ ৭১৪
জন্ম অপবাদ মাত্ৰ মোৰ জন্ম শূন্য।
একো কালে জন্ম মোৰ নাহিকে অৰ্জ্জুন॥
জন্ম মৃত্যু নাহি মোৰ পূৰ্ণব্ৰহ্ম হৰি।
ভকতৰ অৰ্থে আছোঁ নৰৰূপ ধৰি॥৭১৫
মোহোৰ ইসব মায়া শুনা মহাবলী।
সমস্তে প্ৰাণীক আছোঁ মায়ায়ে বিকলি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
অসমীয়া সাহিত্যৰ চানেকি।