পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
দেৱজিত

যিতো জনে মোৰ নলৱয় নাম গুণ।
তাহাকে তোমাৰ হাতে মাৰাও অৰ্জ্জুন॥ ৭১৬
ব্ৰহ্মা হৰ অনন্তে সেৱন্ত মোক নিতি।
তুমিও কৰাহা সখি মোহোত ভকতি॥
যদি মহাদেৱ জানা আপুনি ঈশ্বৰ।
কিসক মোহোক সেৱে শুনা বীৰবৰ॥ ৭১৭
মোৰ পূৰ্ব্ব আজ্ঞা কিয় এৰিলা সম্প্ৰতি।
তোমাক যুঁজিবে খেদি আসে পশুপতি॥
হৰে সমে যদি ত্ৰিজগতে দেই ৰণ।
ৰণে নোৱাৰিবে কেহো বুলিলো বচন॥৭১৮
তুমি মই সখি একে ব্ৰহ্ম অৱতাৰ।
নুহিকে তোমাৰ সম ব্ৰহ্মা মহেশ্বৰ॥
বিষ্ণু আদি চৰাচৰ সবে দেৱচয়।
তোমাৰ সমান কেহো নোহে ধনঞ্জয়॥ ৭১৯
হেন জানি সখি তুমি হেলা পৰিহৰি।
হৰক কৰিয়ো ৰণ শাৰঙ্গক ধৰি॥
আগে বুলি আছা তুমি বীৰত্ব বচন।
চৰাচৰ সমে হৰ দেই যদি ৰণ॥ ৭২০
সেহি দিন মিলিল শুনিয়ো ধনঞ্জয।
ৰুদ্ৰৰ সহিতে যুদ্ধ কৰা মহাশয়॥
তোমাৰ যশস্যা গাইবেক সিদ্ধ মুনি।
তোমাৰ নিৰ্ম্মল যশে যুৰিব ধৰণী॥ ৭২১
আকে জানি হৰক যুঁজিয়ো ধনঞ্জয়।
হৰক যুজিয়া যশ কৰা অভ্যুদয়॥
কৃষ্ণৰ বচনে অৰ্জ্জুনৰ ৰঙ্গ ভৈলা।
মাধৱক চাই বীৰে বুলিবাক লৈলা॥ ৭২২
হৰক কৰিবো ৰণ শুনা নাৰায়ণ।
হৰক জিনিবো মই বুলিলো বচন॥
অৰ্জ্জুনৰ বাণী শুনি মাধৱ বদতি।
হৰক যুঁজিবে সখি দৃঢ় কৰা মতি॥ ৭২৩