পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৯
দেৱজিৎ

তেমাত কহিলোঁ সখি কৰি দৃঢ় মন।
আকে জানি হৈয়ো সখি যুদ্ধে সাৱধান॥৭০১
অৰ্জ্জুনে বোলয় সখি শুনা দামোদৰ।
কি মতে হৰক মই কৰিবো সমৰ॥
কিৰাতৰ ৰূপ ধৰি মোক দিলা ৰণ।
নিচিনি কৰিলোঁ পূৰ্ব্বে মই ঘোৰ ৰণ॥৭০২
পাচে তপ কৰি চিনি কৰিলো প্ৰণতি।
মোক বৰ দিবে পাচে তান ভৈলা মতি॥
ত্ৰৈলোক্য দিক খুজিলন্ত পশুপতি।
ত্ৰৈলোক্য লৈবাক মোৰ নভৈলেক মতি॥৭০৩
পাচে পাশুপত শৰ দিলা মোক হৰ।
যাক দেখি দৈত্য দানৱৰ বৰ ডৰ॥
বৰদাতা ঈশ্বৰ জগতগুৰু হব।
তাহাঙ্ক কি মতে মই কৰিবোঁ সমৰ॥৭০৪
সংগ্ৰাম ভিতৰে মোক যদি মাৰে হৰ।
তথাপিতো তাঙ্ক মই নকৰিবো শৰ॥
এহি বুলি মৌন ভৈলা পাণ্ডুৰ সন্ততি।
হেন শুনি মাধৱৰ অসন্তোষ মতি॥৭০৫
মাধৱে বেলন্ত সখি শুনা মোৰ বাণী।
অকাণে মনদুখ কৰা মহামানী।
ৰুদ্ৰক নকৰা সখি যেৱে তুমি ৰণ।
তোমাক হাঁসিবে সখি যত দেৱগণ॥৭০৬
এতেকে দেৱৰ গৰ্ব্বৰ বাঢ়িবে নিশ্চয়।
শঙ্কৰক দেখি ধনঞ্জয় ভৈলা ভয়॥
তোমাৰ লগত সখি হাঁসিবেক মোক।
আকে জানে যুদ্ধ তুমি দিয়ো শঙ্কৰক॥ ৭০৭
বিকল স্বভাৱ সখি এৰা ধনঞ্জয়।
হৰক যুঁজিয়া যশ কৰা অভ্যুদয়॥
ঈশ্বৰ বুলিয়া যদি নকৰাহা ৰণ।
তাহাৰ কাৰণ কহোঁ শুনিয়ো অৰ্জ্জুন॥ ৭০৮