পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৮
অসমীয়া সাহিত্যৰ চানেকি

অষ্টাদশ পুৰাণৰ কথা অনুসাৰ।
কৰিলোহোঁ মই দেৱজিতক প্ৰচাৰ॥ ৫৭৬
হেন দেৱজিত পদ শুনা নৰ নাৰী।
তেৱেসে সংসাৰ দুখ তৰিবাক পাৰি॥
দেৱজিত পদ শুনা এৰি আন কাম।
খণ্ডোক পাতেক ডাকি বোলা ৰাম ৰাম॥ ৫৭৭

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
অৰ্জ্জুনক ধৰে পাচে দিলন্ত শঙ্কৰ॥
প্ৰলয়ত যেন ৰুদ্ৰৰূপ ভৈলা হৰ।
তিনিয়ো জগত যেন কৰয় সংহাৰ॥ ৬৯৬
ভ্ৰুকুতিকুটিল মুখ চাহন নযায়।
চৰাচৰ ইন্দ্ৰ আদি দেৱ ভৈলা ভয়॥
দেৱ মুনি সিদ্ধ নৰ সবে ভৈলা ত্ৰাস।
কম্পিলেক স্বৰ্গ আৰু পৃথিবী আকাশ॥ ৬৯৭
ৰুদ্ৰৰ ভয়ত কম্পে সঘনে ধৰণী।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত যত সিদ্ধ মুনি॥
এহি মতে খেদি গৈলা অৰ্জ্জুনক হৰ।
অথহন্তে আছে দেখি দেৱ দামোদৰ॥ ৬৯৮
মাধৱে বোলন্ত সখি শুনা বীৰবৰ।
তোমাক সম্মুখে খেদি আসয় শঙ্কৰ॥
বৃষভত চৰি আসে দেৱ মহেশ্বৰ।
কুমুদ উপৰে যেন ধৱল কেশৰ॥ ৬৯৯
ধৱল স্ফটিক সম জ্বলে কলেৱৰ।
আকাশে প্ৰকাশে দেৱ পূৰ্ণ শশধৰ॥
সেহি মতে জ্বলি আসে খেদি মহেশ্বৰ।
দেৱতাৰ সখা হুই কৰিবে সমৰ॥ ৭০০
দেৱতাৰ কাতৰ বচনে ত্ৰিনয়ন।
অৱশ্য তোমাক আজি দিবে ঘোষ ৰণ॥