পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
দেবজিত।

নাৰদৰ বাণী শুনি ইন্দ্ৰ দিগপাল।
কৃষ্ণক নকৰোঁ‌ পূজা মই একো কাল॥২৯
মোৰ পূজা ভঙ্গ কৃষ্ণে কৰিছে পূৰ্ব্বত।
কৃষ্ণক নকৰোঁ‌ পূজা জানা স্বৰূপত॥
মোক কৃষ্ণে অপমান দিয়া আছে অতি।
নকৰোঁ‌ কৃষ্ণক পূজা মোৰ দৃঢ়মতি॥ ৩০
অধম আচাৰ কৃষ্ণ পৰম নিলাজ।
কৃষ্ণক নকৰোঁ‌ পুজা শুনা মুনিৰাজ॥
আপোনাৰ পুত্ৰবধু কৰি আছে ঘৰ।
হেনয় আচাৰ কৃষ্ণ পাপমতি বৰ॥৩১
হেনয় কৃষ্ণক নুপূজোহোঁ‌ কদাচিত।
সত্যে সত্যে কহো ঋষি তোমাৰ আগত॥
মহা ৰক্ৰ কৃষ্ণ পাপমতি আতি বৰ।
তাহাৰ নকৰোঁ‌ পূজা মই পুৰন্দৰ॥ ৩২
সত্যে সত্যে বোলোঁ মোৰ বচন অভেদ।
ঐক যদি আসে কৃষ্ণ কৰিবোহোঁ‌ ছেদ॥
মাধৱক ইন্দ্ৰে যে নিন্দিলা যত যত।
শুনি ব্ৰহ্মা বিষ্ণু হৰে কৰ্ণে দিলা হাত॥৩৩
ব্ৰহ্মায়ে বোলন্ত ইন্দ্ৰ গৰ্ব্ব ভৈলা বৰ।
অল্পতে কৰিবে চুৰ আসি দামোদৰ॥
মহেশ বোলয় আৰ গৰ্ব্ব বৰ আতি।
গৰ্ব্ব খণ্ডাইবেক হৰি অৰ্জ্জুন সহিতি॥ ৩৪
বিষ্ণুৱে বোলন্ত শুনা দেৱ হৰিহয়।
তোৰ গৰ্ব্ব ভাঙ্গিবেক কৃষ্ণ ধনঞ্জয়॥
এহি বুলি তিনি দেৱ কৰি ক্ৰোধ মন।
ইন্দ্ৰৰ সভাৰ পৰা উঠিলা তেখন॥৩৫
হংসত চৰিয়া ব্ৰহ্মা ব্ৰহ্মলোকে গৈলা।
গৰুড়ত বিষ্ণু বিষ্ণুলোকে প্ৰবেশিলা॥
বৃষভত চৰি পাচে দেৱ মহেশ্বৰ।
সেহি ক্ষণে চলি গৈলা কৈলাস শিখৰ॥ ৩৬

৩৫