পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
অসমীয়া সাহিত্যৰ চানেকি


তিনিও দেৱতা যেবে গৈলা তিনি দিশ।
ইন্দ্ৰৰ বিবৰ্ণ মুখ ঘোৰ অসন্তোষ॥
যজ্ঞ নিসিজিল দেখি ইন্দ্ৰৰ বিমন।
নিশ্বাস কাঢ়ন্ত ইন্দ্ৰদেৱে ঘনে ঘন॥৩৭
নাৰদ বদতি ইন্দ্ৰ শুনা পুৰন্দৰ।
কৃষ্ণক নিন্দাৰ ফল পাইৰি বহুতৰ॥
বহুদিন নহৈবেক হৈবে অল্প দিনে।
দিগপাল সমে ইন্দ্ৰ থাকা ৰঙ্গমনে॥৩৬
এহি বুলি নাৰদ উঠিলা ক্ৰোধ মনে।
শীঘ্ৰে চলি গৈলা ঋষি পৃথিবী ভুবনে॥
কৃষ্ণৰ আগত ঋষি ভৈলা উপগত।
নাৰদক দেখি কৃষ্ণে কৰি যোৰহাত॥৩৭
ৰত্নৰ আসন কৃষ্ণে দিলে আগে পাৰি।
আসনে বসিলা ব্ৰহ্মা-পুত্ৰ বেণা ধৰি॥
পাদ্য অৰ্ঘ্য আচমনে পূজিলা চৰণ।
কৃষ্ণৰ পূজাত ঋষি হৰষিত মন॥ ৪০
নাৰদ বদতি শুনা প্ৰভু দামোদৰ।
তোমাক নিন্দিলা স্বৰ্গে পাপী পুৰন্দৰ॥
ব্ৰহ্মা বিষ্ণু হৰ আগে নিন্দিলেক বৰ।
নিন্দা শুনি তৈব গৈলা তিনিও ঈশ্বৰ॥ ৪১
গৰ্ব্ব মন্দে অন্ধ জানা ভৈলা দেৱৰাজ।
তাৰ গৰ্ব্ব চুৰ কৰি কৰা ঘোৰলাজ॥
আৰু তোমাসাক বোলে অপবাদ বৰ।
নৰকৰ ভাৰ্য্যা তুমি কৰি আছা ঘৰ॥ ৪২
তাহাৰ নিন্দাক ক্ৰুদ্ধমন ভৈলা বৰ।
এতেকে তোমাত কৈলোঁ দেৱদামোদৰ॥
যেহি লাগে তাক কৰা প্ৰভু দেৱহৰি।
স্বৰ্গক চলিলোঁ‌ মই দিব্য বেণা ধৰি॥ ৪৩
এই বুলি নাৰদ স্বৰ্গক চলি গৈলা।
হেন শুনি মাধৱৰ ক্ৰুদ্ধমন ভৈলা॥