পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭০ অসমীয়া সাহিত্যৰ চানেকি। এহিমতে কৃষ্ণৰ অনেক কাল গৈল। স্বৰ্গত ইৰ পাচে বৰ গৰ্ব ভৈলা। অমৃতক খাই ভৈলা অল্প-অমৰ। এহি পদে গৰ্ব বাঢ়ি গৈলেক ইন্দ্ৰৰ। ৭ স্বগত নিন্দিলা মাধৱক ইত্নে যত। সমন্তে কহিল। মুনি কৃষ্ণৰ জগত। কৃষ্ণৰ ইন্দ্ৰৰ বৰ লাগিলা বিবাদ। মাধৰে ৰচিলা পদ শুনা সভাসদ। কৃষ্ণ যে সাৰথি অৰ্জুনক কৰি ৰখা। অৰ্জুনে ইন্দ্ৰক ৰণ কৰিলা বিথী। গুৰুৰ চৰণ দুই হৃদয়ত ধৰি। গুৰুৰ গাত্মক মনে শিৰাগত কৰি। ৯ কৃষ্ণ চৰণে মই পশিলে। শৰণ। দেৱজিত পদক ভণিলে সুশোভন॥ ঈশ্বৰৰ বাক্য যে বেদত হেন সাৰ। আক শুনি সভাসদ হুয়োক উদ্ধাৰ। ১০ হেয় পাক শুনা সভাষলোক। চতুৰ্ভুজ ৰূপে যাইবা বৈকুণ্ঠপুৰক। বেশম্পায়ন ৰদতি শুনিও জন্মিজয়। পাজে স্বৰ্গে যি কৰিা দেৱ হৰিহয়। ১১ একদিন ই দেৱে সভাত যে বসি। নক্ষত্ৰ সহিতে যেন প্ৰকাশ শশী। এহিমতে প্ৰকাশ কৰ হৰিহয়। ইক আৱৰি বোলে দিগপালচয়। ১২ যজ্ঞ কৰিবাক ইন্দ্ৰে আছে মৌন পৰি। যেন যোগী আছে মহা কষ্টব্ৰত কৰি। অপৰা নাচয় গন্ধৰ্বে গাৱে গীত। জয়ধ্বনি কৰন্ত স্বৰ্গত বিপৰীত। ১৩ চিত্ৰসেন আদি কৰি গৰৰ চাৰণ। তাল কৰতাল ধৰি কৰ কীৰ্ত্তন।