পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মাধৱ কন্দলী

দেৱজিত।

জয় জয় জগতপালক ভগৱন্ত।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ অন্ত।
জয় জয় জগতপালক নাৰায়ণ।
অচ্যুত অনন্ত পূৰ্ণ ব্ৰহ্ম সনাতন॥১
ব্ৰহ্মা বিষ্ণু মহাদেৱ যাহাৰ স্ৰজন।
যাহাৰ উদৰে আছে চৈধ্যয় ভুবন॥
তোমাৰ স্ৰজন প্ৰভু চৰাচৰগণ।
কোটি কোটি ব্ৰহ্মাণ্ডৰ তুমি নাৰায়ণ॥ ২
যাহাৰ মহিমা কেহো নপাৱয় অন্ত।
সকল সংসাৰ ৰঞ্জি আছা ভগৱন্ত॥
দিন পৰসন্নে পালা যত চৰাচৰ।
দিন অৱসানে কৰা জগত সংহাৰ॥৩
ব্ৰহ্মা হৰ সমে সব প্ৰাণীক সংহৰি।
অনন্ত শয্যাত শুতি থাকা দেৱ হৰি॥
স্ৰজাহা পালাহা তুমি দেৱ ভগবান।
পুনু ইচ্ছা তৈলে তুমি কৰা উতপন্ন॥ ৪
হেন ঈশ্বৰৰ কাল মুৰ্ত্তি অৱতাৰ।
ওৰক নপাৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥
দৈৱকীনন্দন প্ৰভু পূৰ্ণ ব্ৰহ্ম হৰি।
ভকতৰ অৰ্থে আছা নৰৰূপ ধৰি॥ ৫
ভকতক দয়া বৰ কৰা দামোদৰ।
ভকত জনৰ প্ৰীতি সাধা বাৰেবাৰ॥
দুষ্ট দৈত্য অসুৰনাশক ভগৱন্ত।
ভকত জনৰ মন সঘনে পূৰন্ত॥ ৬