গৰুড়ৰে কাকৰে যেহেন পটন্তৰ।
শিয়াল সিংহৰ হোৱে যেহেন অন্তৰ॥
গিৰি নদী সমদ্ৰে অন্তৰ ছোৱে যত।
ৰাম দেৱে তোহোৰ দেখয় সেহি মত॥
ৰাঘৱক এডি কেনে তোহোক ভজিবোঁ।
গঙ্গাক এড়িয়া কেনে কূপত মঝিবোঁ॥
গাবক ভজিবে কেনে সিংহক এৰিয়া।
সুকুতাক খাইবোঁ কেনে অমৃত তেজিয়া॥
আমাৰ আগত কিক লঘু বোল মাতি।
আমাক জিনিবি পতিব্ৰতা মহাশান্তি॥
স্বপ্নে জ্ঞানে মনে ৰাঘৱত দৃঢ়কায়া।
চৰণে নুচুইবোঁ পৰপুৰুষৰ ছাঁয়া॥
ঘৃত পৰিহৰিয়া কিসক ঘোল পিবোঁ।
ৰামৰ আপচু কাচু তোৰ মুণ্ডে দিবোঁ॥
ৰাঘৱৰ শৰে তোৰ জিহ্বা ছিৰিবেক।
ৰাক্ষসসকলে তোৰ কিবা কৰিবেক॥
সীতাৰ বচনে তাৰ ক্ৰোধ সম্পজিল।
অগনিত নিয়া যেন ঘৃত দান দিল॥
মোহোৰ বীৰত্ব সীতা তই নজানস।
সি কাৰণে ৰামক মুনিঘ বখানস॥
নুহি ধনুৰ্দ্ধৰ ৰাম তেজবলহীন।
নজানয় শাস্ত্ৰ-নয় ধৰ্ম্মতো বিহীন॥
এতেকেসে ৰাম পিতৃ-বাক্যত থাকিল।
নীচ জানি দশৰথে দেশৰ ডাকিল॥
গুণৱন্ত ভৰতক দিলা সবে ৰাজ।
নিৰ্গুণ ৰামক পঠাইলন্ত বন মাঝ॥
তোৰ স্বামী ৰাম যেয়ে মুনিষ হোৱয়।
ভায়েকক মাৰি কেনে ৰাজ্য নলৱয়॥
ক্ষত্ৰি জাতি হুয়া বহে শিৰে জটা তাৰ।
হেন দেখি হাস্য ৰয় উঠয় আমাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
সীতা হৰণ ৷