পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
অসমীয়া সাহিত্যৰ চানেকি ৷

পৰিহৰ মানুষক মোত কৰ ভাৱ।
গায় চাল সীতা ঝান্টে যাওঁ নিজ ঠাৱ॥
মদনে দগধে মোৰ নসহে অন্তৰ।
ত্ৰৈলোক্যৰ নাথ ৰাৱণক স্বামী বৰ॥
ৰাৱণৰ বোল শুনি অন্তৰ্গতে হয়।
ৰাক্ষস জানিয়া তান শৰীৰ কম্পয়॥
দাৰুণ বচন শুনি সীতা কুপিলন্তু।
নিষ্ঠুৰ বচন তাক বুলিবে লৈলন্ত।
হাওঁৰে ৰাৱণ বৰ্ব্বৰ নিশাচৰ।
অবিলম্বে যাইবাক চাহা যমঘৰ॥
ৰামৰ ঘৰণী মোক ভজিবাক চাস।
মৰিবাক লাগি কালকূট বিষ খাস॥
ত্ৰিশূলৰ ওপৰত নাচিবাক চাস।
মহাপাপ হুয়া তই স্বৰ্গে কৰ আশ॥
হুয়া তুই আঙনী চক ধাৰ দেস।
জলন্ত অগ্নিক বেটা বস্ত্ৰে বান্ধি নেস॥
তীখাণ খাণ্ডাত জিহ্বা ঘৰিবাক চাস।
বহ্নিকুণ্ড মাঝে যেন পতঙ্গৰ ঝাস॥
ৰামৰ ভাৰ্য্যাক নীচ ৰাক্ষসে বাঞ্ছল।
সুচীৰ মুখত দিয়া নয়ন জান্তস॥
গলে শিলা বান্ধি তই ভৰ সমুদ্ৰক।
ক্ষুদ্ৰ পক্ষী হুয়া ধাৰ দেহ গৰুড়ক॥
বেঙ্গ হুয়া তেৰঞ্জৰ আগত মিলল।
এসি পাপ হুয়া তই পৰ্ব্বত গিলল॥
বিৰাইল বাঘিনী সমে কব পৰিহাস।
পৃখিৰীৰ জন্তু আদিত্যৰ বাবে বাস॥
সিংহৰ ভাৰ্য্যাক শৃগালৰ অভিলাষ।
শান্তি সীতা মোক তই ভজিবাক চাস॥
সুখৰ ভিতৰে তোৰ মতি তৈল মন্দ।
অবিলম্বে ৰাঘৱে ছেদিবে দশস্কন্ধ॥