পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
অসমীয়া সাহিত্যৰ চানেকি ৷

তোৰ স্বামী মানুষ জীৱেক কতদিন।
অলপ কালেতে তাৰ আয়ু হৈবে ক্ষীণ॥
মৃতক স্বামীৰ সীতা গৃহ পৰিহৰ।
লঙ্কাত পশিয়া যুগে যুগে ৰাজ্য কৰ॥
ব্ৰহ্মাৰ বৰত মোৰ অবধ্য শৰীৰ।
স্বৰ্গ মৰ্ত্ত পাতালত মোত নাহি বীৰ॥
ত্ৰিদশক জিনিলোঁ আৱৰ নাহি শঙ্কা।
জেষ্ঠ ভাই কুবেৰৰ কাঢ়ি লৈলোঁ লঙ্কা॥
আৰু লৈলোঁ ধন জন পুষ্পক বিমান।
সব দেশ চলৈ সিতো মহা দিব্য যান॥
কৈলাসক গৈয়া লৈল হৰত শৰণ।
সি কাৰণে কুবেৰৰ নভৈল মৰণ॥
বাসবক জিনি লৈলোঁ বীৰত্ব মোৰ শুন।
যমক জিনিয়া আৰু জিনিলোঁ বৰুণ॥
সুৰগণ জিনিলোঁ জিনিলোঁ ৰুদ্ৰগণ।
মোক সম বীৰ নাহি ই তিনি ভুবন॥
লঙ্কাত খাটন্ত আসি সব দেবলোক।
তাক দেখি সীতা তোৰ কৌতুহল হৌক॥
ভুঞ্জিবি মানুষ হুয়া ৰাক্ষসৰ ভোগ।
বনবাস নিকাৰ তোহোৰ নোহি যোগ॥
আপুনি আসিয়া তোত পশিলো শৰণ।
নুহিবি সুন্দৰী তই নিদাৰুণ মন॥
এতিক্ষণ মোক যেৱে স্বামী নবৰিবি।
পাছ কালে সীতা মোক সুমৰি মৰিবি॥
পৃথিবীৰ ৰাজা সব যুজি বশ্য কৈলোঁ।
মহাদেৱে সহিতে কৈলাস তুলি গৈলোঁ॥
জগততে সাৰ যত আমাকেসে যোগ।
লঙ্কাত পশিয়া সীতা কৰিয়োক ভোগ॥
ত্ৰিভুবন নৃপতি তোহোৰ ভৈলোঁ দাস।
অনুগত জন পৰিহৰিবাক চাস॥