পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
সীতা হৰণ ৷

দশস্কন্ধে বোলে বাক্য শুনাঁ মোৰ সীতা।
মই লঙ্কেশ্বৰ আসি ভৈলোঁ ভযু ভিতা॥
দেশতে আছন্তে সবে কাহিনী শুনিলোঁ।
সাক্ষাতে দেখিয়া বৰ কৌতুক লভিলোঁ॥
পাতালৰ নাগলোকে মোকে কৰে সেৱ।
স্বৰ্গ গৈয়া জিনিলোঁ ত্ৰিদশ কৌটি দেৱ॥
হৰি-শঙ্কৰক আবে মোৰ-নাহি শঙ্কা।
সাগৰ মধ্যত মোৰ স্বৰ্ণপুৰী লঙ্কা॥
চৌষষ্টি কলাক জানোঁ চৌধ শাস্ত্ৰ নয়।
যতেক পঞ্চিশ তত্ত্ব আমাত আছয়॥
অৰি-বীৰ-দমন ৰাৱণ মত্ত গজ।
মানুষ ৰামক এৰি সীতা মোক ভজ॥
আন সব ৰাজাৰ যতেক পটেশ্বৰী।
জিনি আনি দিবোঁহোঁ তোমাৰ চেড়ী কৰি॥
ইহাত অধিক কিনে কৰিবোঁহোঁ তোক।
ইন্দ্ৰৰ শচীয়ো আসি তোমাত খাটোক॥
দশ দিশ পালৰ নাৰীক সবে জিনি।
তাকে দিবো আনি কৰি তোৰ সেৱকিনী॥
মন্দোদৰী মোহোৰ প্ৰধান পটেশ্বৰী।
সৱে কন্যা লৈয়া তোতে থাকে সেৱা কৰি॥
আজি হন্তে দূৰ হৈব তোহোৰ দুৰ্গতি।
কোটি কোটি ৰাক্ষসৰ মইসে অধিপতি॥
মোহোৰ বদন সীতা মাথা তুলি চাহা।
বন ফল এৰি ত্ৰিভুবন ফল যাহা॥
তিনিয়ো ভুবন মাঝে যতেক সুন্দৰী।
স্বামীক মাৰিয়ো সবে আনি আছোঁ হৰি॥
মোকে সেবা কৰি সবে থাকোক হৰিষি।
তাৰাগণ মাঝে তই পূৰ্ণিমাৰ শশী॥
ব্ৰহ্মাৰ বৰত কামদেৱ ৰূপ ধৰোঁ।
তুমি আমি লঙ্কাত বসিয়া ৰাজ্য কৰোঁ॥

৩১