পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
অসমীয়া সাহিত্যৰ চানেকি ৷

দগুকাৰ বন এথা ৰাক্ষস বহুত।
কোথা হন্তে আসি ভৈলা কহিয়ে প্ৰস্তুত॥
হেন শুনি সীতা বৰ বিস্ময়ক পাইল।
ঋষি বেশ দেখি তাক মাত পুৰুজাইল॥
জনকৰ জীউ আমি নাম মোৰ সীতা।
দশৰথ শশুৰ ৰামৰ বিবাহিতা॥
বাপৰ আদেশে ৰাম আসি ভৈলা বন।
তুলত আসিল মোৰ দেৱৰ লক্ষণ॥
বনবাস দুঃখে আতি তিনিৰো নিকাৰ।
পঞ্চিশ বৰিষ আবে স্বামীৰ আমাৰ॥
ৰূপে গুণে ত্ৰিভুবনে ধনুৰ্ধৰ সাৰ।
ষোড়শ বৰিষ আবে সম্পূৰ্ণ আমাৰ॥
শুনিয়োক মুনিৰাজ কৌতুহল মনে।
নিশাচৰ বল মাৰিলন্ত এহি থানে॥
ত্ৰিশিৰা দুষণ খৰ পৰম দুৰ্জ্জয়।
ৰামৰ হাতত গৈল যমৰ নিলয়॥
চৌধয় সহস্ৰ আসিলেক নিশাচৰ।
ৰামৰ হাতত পৰি গৈলা যম ঘৰ॥
দুৰ্ব্বাৰ ৰাক্ষস ৰামে যত যত পাইল।
ৰাঘবৰ বাণে সবে খেদি খেদি যাইল॥
ৰাৱণে বোলয় সীতা তোৰ ৰূপ সাৰ।
হেন ৰূপবতী ত্ৰিভুবনে নাহি আৰ॥
বদন জ্বলয় জেন পূৰ্ণিমাৰ শশী।
দেখি যুবজন মৰে কাম শৰ পশি॥
সীতায়ে বোলন্ত শুনিয়োক তপোধন।
মৃগ মাৰিবাক গৈলা শ্ৰীৰাম লক্ষণ॥
খানিতেক ঋষিৰাজ কৰিয়ে বিশ্ৰাম।
এতিক্ষণে আসিব লক্ষণ শ্ৰীৰাম॥
তুমি হেন ঋষিক দেখিব কৌতূহলে।
পুজিবন্ত আসি যথাযোগ্য ফলে জলে॥