পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
অসমীয়া সাহিত্যৰ চানেকি ৷

মেৰাইলেক গায়ত কপিন একবস্ত্ৰ।
পানৈত চৰিল সিতো কাছে একছত্ৰ॥
কাখে ঝুলি কস্থা কমণ্ডলু ধৰি হাতে।
মাথাত ৰুদ্ৰাক্ষ মালা তপসী সাক্ষাতে॥
শ্ৰীৰাম লক্ষণ দুই চন্দ্ৰ সূৰ্য্য ভৈলা।
সীতা সন্ধ্যা এৰিয়া বহুত দূৰ গৈলা॥
অন্ধকাৰ ৰাবণ চাপিল গৈয়া কোল।
সীতাৰ ৰূপক দেখি হুয়া গৈল ভোল॥
মদনে দগধ দেহ শৰীৰ নসহে।
সীতাক পাইলেক যেন শনৈশ্চৰ গ্ৰহে॥
সীতাক দেখিয়া চক্ষু নভাষয় আৰ।
মনে মনে গুণে কন্যা জগতৰ সাৰ॥
ৰাৱণক ডৰে পক্ষী নকাঢ়য় ৰাৱ।
মাৰিবাক ডৰে ধীৰে ধীৰে বহে বাৱ॥
সূৰ্য্যে এৰিলন্ত নিজ প্ৰচণ্ড প্ৰভাৱ।
অনুকুল হুয়া যোগাৱন্তু তাৰ গাৱ॥
দুৰ্ব্বাৰ ৰাক্ষসে ভিক্ষু বেশক ধৰিল।
কতোহো দূৰত থাকি আশংসা কৰিল॥
বেদধ্বনি উচ্চাৰিল দীৰ্ঘ কৰি ৰাৱে।
সীতাক বুলিহে গৈল বিনয় স্বভাৱে॥
কাহাৰ ৰমণী তই কহিয়োক কাজ।
কি কাৰণে আসি ভৈলা বোৰ বনমাঝ॥
শৰীৰৰ কান্তি দেখিবাক অনুপম।
কৈব হন্তে আসিলা তোমাৰ কিবা নাম॥
তোহোৰ বদন পূৰ্ণ চন্দ্ৰৰ উদয়।
চামৰক জিনিয়া প্ৰকাশ কেশ হয়॥
ভ্ৰমযুগ জলৈ যেন চাপ মদনৰ।
মনোহৰ কটাক্ষ কামৰ পঞ্চশৰ॥
কুণ্ডল লৰয় দেখি মিলিল তবাস।
তোৰ মুখ দেখি ৰাহু গৈল সমীপাখ॥