পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
সীতা হৰণ ৷

অযুগুত বোল মোক বুলিলাহা কিক।
ক্ষিপ্ৰবাদী দাৰুণী তোমাক আছো ধিক॥
চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হুইবা সাক্ষি।
সীত পৰিহৰি চলোঁ আপনাক ৰাখি॥
বাসনায়ে বুলিলন্ত বিয়াকুল মনে।
কেনে একেশ্বৰে থিত হুইবা ঘোৰ বনে॥
বিমঙ্গলো দেখোঁহোঁ অনেক বিপৰীত।
কত ভাগ্যে পাইয়া তুমি ৰামৰ সন্নিত॥
আপনি জানাহা এথা ৰাক্ষস অশেষ।
যাইবে কি নাযাইবো ঝাণ্টে কৰিয়ো আদেশ॥
সীতায়ে বোলন্ত ঝাটে চল লখাই বীৰ।
ৰাম ৰাৱ শুনি মোৰ নসহে শৰীৰ॥
স্বামী অবিহনত গৰল বিষ খাইবোঁ।
নুহি গোদাবৰী জলে প্ৰাণ নুঝাইবোঁ॥
লক্ষণে সীতাক গৈয়া প্ৰদক্ষিণ কৰি।
চৰণ প্ৰণামি হতে ধনুৰ্ব্বাণ ধৰি॥
ৰামৰ পাশক লাগি চলিলা বিমনে।
সীতাৰ লিখিত তাক বাধিব কেমনে॥
ৰাঘৱৰ পাশক লক্ষণ যেৱে যান্ত।
সীতাৰ স্নেহত পুনু উলটিয়া চান্ত॥
লক্ষণে গৈলন্ত যেৱে ৰাঘৱৰ ভিতা।
ঘোৰ অৰণ্যত একেশ্বৰী ভৈল সীতা॥
শ্ৰীৰাম লক্ষণে যেৱে নাইকন্তু পাশে৷
কান্দন্তে আছন্ত স্বামী মৰণ তৰাসে॥
ধুলি ধুসৰিত আতি চান্ত চাৰি দিশা।
চন্দ্ৰ অবিহনে যেন অন্ধকাৰ নিশা॥
লক্ষণ গৈলন্ত জানেকীক দিয়া পিঠি।
বৰশীয়া ৰাৱণৰ পুঙ্গাতেসে দৃষ্টি॥
বসিয়া আছন্ত সীতা সুনিৰ্ম্মল দেশে।
সান্নিত চাপিল গৈয়া ভিক্ষুকৰ বেশে॥