পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
সীতা হৰণ ৷

যুৱত মোহন কিন্তু অধৰৰ কান্তি।
সপক্ক ডাবিম বীজ দৰ্শনৰ পান্তি॥
বদন উপৰে দুই নয়ন জ্বলয়।
খঞ্জন যুগল যেন কমলে চৰয়॥
ললিত বলিত নিৰন্তৰ তন ভাৰ।
উপৰত পৰি জলৈ গজমতি হাৰ॥
গগনত যেন চন্দ্ৰ ৰেখা দ্বিতীয়াৰ।
আতিশয় ৰয় গঞ্জয় যত তাৰ॥
ৰাতুল কমল যেন পদতল তোৰ।
বলিত অঙ্গুলি যেন চম্পকৰ কোৰ॥
ত্ৰিবলিত উদৰ কঙ্কাল অতি সৰু।
সাক্ষাতে দেখিয় যেন হৰৰ ডম্বৰু॥
সুৰলিত বাহু পীন নিতম্ব জঘন।
ৰাতুল চৰণ যুগে মোহে মুনিগণ॥
দেখি তোৰ লীলা গতি আতিবৰ লাজে।
মত্তগজ গুছি গৈল সৰোবৰ মাঝে॥
ৰত্ন কাঞ্চি কঙ্কন নুপুৰ ৰুণু ঝুণু।
জলে পশি থাকিল সকলে হংসগণ॥
তোৰ ৰূপে অলঙ্কাৰশোভে আতিশয়।
কমল প্ৰকাশে যেন ৰবিৰ উদয়॥
শঙ্কৰৰ ভাৰ্য্যা কিবা তুমি মহামায়া।
মাধৱৰ লক্ষ্মী কিবা আদিত্যৰ ছায়া॥
বাসৱৰ ভাৰ্য্যা কিন্তু ৰম্ভা অপেশ্বৰা।
দেৱ গুৰু ভাৰ্য্যা কিবা তুমি সতী তাৰা॥
জগতৰ ৰূপ গুণ একত্ৰ কৰিল।
অনেক প্ৰবন্ধে তোক বিধিয়ে গৰিল॥
ত্ৰৈলোক্য জিনিতে মদনৰ পঞ্চবাণ।
বেশ দেখি কমল মুগুধে ধৰে প্ৰাণ॥
ৰাজৰাজেশ্বৰ পটেশ্বৰীক উচিত।
হেন তোৰ বনবাসে কিনো বিপৰীত॥