হেন শুনি সীতা দেবী কোপ মন ভৈলা।
নিষ্ঠৰ বচন তাঙ্ক বুলিবাক লৈলা॥
হাওৰে পাপিষ্ঠ দুৰাচাৰ দুষ্টচিত্ত।
আজিসি জানিলোঁ ৰাঘৱৰ যেন হিত॥
ৰামৰ মৰণে তোৰ আতি বৰ সুখ।
গাৱ গুটি বাঘ তোৰ হৰিণৰ মুখ॥
মুখত অমৃত-তোৰ চিত্ত বিষ ঘট।
কাৰ্য্য পায়া আৱে হেৰ পাতিলি কপট॥
মোক ভাণ্ডি বোলস ৰামৰ মুহি ৰাৱ।
আজিসি আছোঁহোঁ মই ৰাঘৱৰ ঠাৱ॥
হাওঁৰে চণ্ডাল ভৰতৰ ভাৰি খাইলি।
চাটু বাটু কৰিয়া ৰামৰ লগে আইলি॥
সতিনীৰ পুত্ৰ কদাচিত নোহে হিত।
নজানিয়া ৰামে তোক চপাইলে সমিত॥
লখিলোহোঁ পাপিষ্ঠ তোহোৰ যেন আশ।
ৰামৰ মৰণে মোক ভজিবাক চাস॥
স্বামী অবিহনে অগনিত ঝাপ দিবোঁ।
গলত কটাৰ হানি তেখনে মৰিবোঁ॥
চৰণ নুচইবো পৰ পুৰুষক আন।
কি কাৰণে পাপিষ্ঠ কৰস অপমান॥
আপনি ইতৰ হুয়া বাঞ্চা কৰ মোক।
ৰাম মত্তগজ আগে মৃগ দেখোঁ তোক॥
হেন বুলি সীতা হৃদয়ত মুষ্ঠি হানি।
কেশ আজুৰিয়া কৰে কালন্ত গোসাঁনী॥
সীতাৰ দুৰ্ব্বাৰ বাক্য শুনিয়া লক্ষণে।
ভুমিকাণ পৰশি বুলিলা তেতিক্ষণে॥
তুমি মোৰ দেৱী ৰামচন্দ্ৰ আদিদেৱ।
দুই হান চৰণ চাৰি আন নাহি কেৱ॥
হেনয় স্বভাৱ নিদাক্ষণ স্ত্ৰী জাতি।
ভাই ভাই বেলগাৱে মাঝে দিয়া কটি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
অসমীয়া সাহিত্যৰ চানেকি ৷