পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
সীতা হৰণ ৷

আটাস শুনিয়া হিয়া ঋষিৰ লৰিল।
পৰ্ব্বত আকাৰ হুয়া ৰাক্ষস পৰিল॥
শুনিলন্ত সীতাথে ৰামৰ আনে ৰাৱ।
স্বামীৰ মৰণ শুনি কম্পে হাত পায়॥
তৰল নয়ন কৰি চতুৰ্ভিতি চান্ত।
লক্ষণক সম্বুধিয়া শীঘ্ৰ বুলিলন্ত।
শুনিলাকি লখাই তুমি ৰাঘৱৰ বাণী।
কমন বিধিয়ে মৃগ মিলাইলেক আনি॥
হাহা বিধি কিনো মই অকাৰ্য্য কৰিলোঁ।
দণ্ডকাবনত আনি স্বামীক মাৰিলোঁ॥
ঝাণ্টে কৰি চলা লখাই শুনা মোৰ বাক।
সত্বৰে ৰামৰ গৈয়া প্ৰাণ খিনি ৰাখ॥
তুমি সখা ভৈলে নযাইৱন্ত যমপুৰ।
ঝাণ্টে চল ৰাখা মোৰ শিখৰ সিন্দুৰ॥
ভ্ৰাতৃত ভকত তুমি লক্ষণ কুমাৰ।
ৰামক মাৰয় হেৰা ঘোৰ নিশাচৰ॥
আপদ কালত সবে হিতাহিত জানি।
স্বামী ভিক্ষা মাগোঁ বাপু মোক দিয়া আনি॥
ভয়ে চমকিলা যেয়ে জনকৰ জীউ।
হাত যোৰে লক্ষণ আগত ভৈলা থিউ॥
ভয় পৰিহৰি সেৱী কৰিয়োক ৰঙ্গ।
ইটো ৰবি তলত ৰামৰ নাই ভঙ্গ॥
সমৰ কৰন্ত যেৱে দেৱাসুৰ নৰে।
সবাকে ধৰে জিনিৱন্ত একেশ্বৰে॥
পৰম দুৰ্জ্জয় ৰাম ত্ৰিভুবনে বীৰ।
ভয় পৰিহৰি দৃঢ় কৰিয়ো শৰীৰ॥
বিৰা ৰাৱ শুনি দেবী পঠোৱা আমাক।
কদাচিতো নুহিবে ৰামৰ হেন বাক॥
স্ত্ৰী জাতি কাৰণে তোমাৰ হেন ভয়।
মৃগ মাৰি আসিৱন্ত নাহিকে সংশয়॥