পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
অসমীয়া সাহিত্যৰ চানেকি।

মোৰ ৰখ খান আন শীঘ্ৰ বেগে সাজি।
ৰাম বনে যাইতে সাৰথি হুয়ো আজি॥
ৰাজাৰ আদেশ মন্ত্ৰী মাথে তুলি লৈয়া।
সব সাজে ৰথ সাজি আনিলন্ত গৈয়া॥
ভণ্ডাৰীক নৃপতিয়ে কৰিলা হাঙ্কাৰ।
সীতাক দিয়োক ৰাজ যোগ্য় অলঙ্কাৰ॥
ৰাজাৰ ৰচন মন্ত্ৰী শিৰোগতে লৈয়া।
তেথনে আনিল দিব্য অলঙ্কাৰ গৈয়া॥
নৃপতি বোলন্ত কুল বহাৰী আহ্মাৰ।
পৰিছেদা দেখোঁ পিন্ধিয়োক অলঙ্কাৰ॥
তেতিক্ষণে সীতা বল্কলক তেজিলন্ত।
সুনিৰ্ম্মল বস্ত্ৰ পৰিধান কৰিলন্ত॥
সাসু পাঞ্চসাতে পিন্ধাইলন্ত অলঙ্কাৰ।
মুকুট কুণ্ডল গ্ৰীৱে সাতসৰি হাৰ॥
নুপুৰ পগৰি আনো অলঙ্কাৰ যত।
থানে থানে প্ৰতি প্ৰতি পিন্ধাইলা সমস্ত॥
কঙ্কণ কুণ্ডল ৰত্নাঙ্গুৰী আৰো কাঞ্চি।
সমস্ত শৰীৰ অলঙ্কাৰে নিলা খাঞ্জি॥
মণ্ডল কৰিল জালে জনকৰ জীৱে।
গাৱ চালি কৌশল্যায়ে ধৰিলন্ত গ্ৰীৱে॥
মাৱে জীৱে যেন ধৰিলন্ত গলে গলে।
লোহো মলছিলা সীতা বস্ত্ৰৰ অঞ্চলে॥
মাখাত চুম্বন দিয়া ৰামৰ জননী।
বোলন্ত সুনিয়ো মাৱ জনক নন্দিনী॥
নিৰ্গুণ সুস্বামী তোৰ দুৰ্গতি পতিত।
তাৰ মান নসাধিয়া কৰিবাহাঁ হিত॥
সীতায়ে বোলন্ত মাৱ তেজা চিন্তা শোক
ইতৰ নাৰীৰ সম নেদেখিবা মোক॥
সুস্বামী থাকিতে শোতে সব অলঙ্কাৰ।
স্বামী হীন ভৈলে হোৱে সৰ ছাৰখাৰ॥