পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামৰ বনবাস। লাঙ্গ এড়ি বোলয় নিষ্ঠৰ মন কৰি। চিৰ পিন্ধি চল ঝন্টে দেশ পৰিহৰি। ভতে আসিয়া লোক এহি দণ্ড পাট। চৌধ বৰিষক লাগি বনবাস খাট। দেৱা বস্ত্ৰক তেজিল তেতিক্ষণে। পিন্ধিলা বালি বস্ত্ৰ শ্ৰীৰাম লক্ষণে। সীতা দেবী থৈল কান্ধত 'চিৰ বাস। মৃগী যেন দেখিয় গত লৈল পাশ। লাজে নমাইল মাথ মকৰ জীৱ। স্বামীৰ পাশত ধীৰে ধীৰে ভৈলা থিৱ। দুনিয়োক প্ৰভু ৰাম মোৰ নিজ পতি। কেন মতে চিৰ পিন্ধে কহিয়ো সম্প্ৰতি। হেন বুলি চিৰ নেত উপৰে ধৰিল। মহাদই লোকে দেখি ফ্ৰন্দন কৰিল। হাঁ হাঁ বিধি বুলি ৰোল উখলিল ছাৰি। সীতা গোসানীক লাগি নাহি পাট সাৰী। ৰাজা বলে পাপিষ্ঠী অখ্যাতি বৰ থৈল। একে বামে বনে বাইতে বড় মাগি লৈল। কিননা নিদাৰুণী তোৰ পাপৰ শৰীৰ। লক্ষণ সীতাক কেনে পিন্ধাৱস চিৰ। ৰাঘৱে বোলন্ত বাপ তজু পৰে ধৰে। একুটাৰ পুত্ৰ মঞি আইক পৰিহৰে। মোহোৰ বিয়োগে আইৰ প্ৰাণৰ সংশয়। হেন কাজ কৰা যেন তান প্ৰাণ ৰয়। পড়িলাকৌশল্যা মাৱ শোক সাগৰে। ইহান শৰীৰ ৰক্ষা কৰা নিৰন্তৰে। হেন শুনি নৃপতি বিহবল আতি ভৈলা। ভূমিত পড়িয়া তেতিক্ষণে মুচ্ছা গৈল। কততক্ষণে চেতন লভিয়া মহাৰাই। কৰিলা আদেশ ৰাজা সুমন্ত চাই।