সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
ৰামৰ বনবাস।

পৰিমিত ধন মাত্ৰ দেন্ত বাপ ভাই।
পুত্ৰ থাকিলে ধন হাততোলা পাই॥
স্বামীৰ ধনক সুখ ভোগে কৰে দান।
কোন চাৰি কৰাৱে স্বামীক অপমান॥
কোকিল শোভন হোৱে সুশোভন ৰাৱে।
নাৰীগণ শোভে পতিব্ৰতা ধৰ্ম্মভাৱে॥
পুৰুষ শোভন গুণ ষড় বিদ্যা ভাৰে।
তাপস শোভন হৱে ক্ষমা অলঙ্কাৰে॥
সুনিয়ো গোসানী বোলে সীতা পৰবাসু।
জন্মে জন্মে ৰাম স্বামী তুমি হৈবা সাসু॥
কৌশল্যা সুনিলা হেন বচন কুশল।
হৰিষ বিষাদে পড়ে নয়নৰ জল॥
ৰামৰ গলত ধৰি বুলিলা অশেষ।
সীতাক ৰাখিবা ভালে দিলা উপদেশ॥
সুকুমাৰ বাপ মোৰ লক্ষ্মণ কুমৰ।
তাহাঙ্ক দেখিবা যেন নিজ কলেৱৰ॥
ৰাঘৱে বোলন্ত মাৱ তেজিয়োক চিন্তা।
লক্ষ্মণ ডাহিন বাহু ছায়া মোৰ সীতা॥
আঙ্ক পৰাভৱে পশে হৰত শৰণে।
পাটি মলছিল তাৰ যমৰ কৰণে॥
মোৰ লগে শোভন লক্ষ্মণ বীৰবৰ।
ৰবিতলে নাহিকে আমাক সমসৰ॥
একে মঞি অগ্নি আৰো লক্ষ্মণ পৱন।
বিপু অৰণ্য়ক দহি কৰিবোহোঁ ছন॥
কৌশল্যা মুঠিক ধৰি হানিলন্ত হিয়ে।
চাপিয়া ধৰিলা গৈয়া লক্ষ্মণৰ গ্ৰীৱে॥
সুন সুন বাপু মোৰ লক্ষ্মণ কুমৰ।
সীতাক ৰাখিবি ভালে বনৰ ভিতৰ॥
লক্ষ্মণে বুলিলা বাণী জোৰ হাত কৰি।
চিন্তা তেজিয়োক শোক মন পৰিহৰি॥