পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
অসমীয়া সাহিত্যৰ চানেকি।

গুৰুক প্ৰণামি বৈদ্য মন্ত্ৰ শিৰে তুলি লৈলা।
উলটা পালটা গাঠি কাটিবাক লৈল॥
সবে তোলে পাতালৰ মাটি।
নৰহৰি কুমৰে আনিলা কৰে কাটি॥
খচি গুলি দিলা চাকত কলহ হল ব্ৰহ্মাৰ পাগত।
সেহি কলহত জাৰিলো পানী॥
চলিশ কোটি গাঠি সৰ্ব্ব কাটি ব্যাধি নিখৰ্ব্বক।
চুৰ কাটি কৰিলো পানী॥
হৰ গাঠি মুঠি মুৰ।
সমস্ত গাঠি গুহুই পৰ॥
এহি মন্ত্ৰ খানি সত্য যুগে গুপ্ত হুই ৰইলা।
দ্বাপৰ যুগে ৰাম অৱতাৰ ভৈলা॥
এহি মন্ত্ৰ খান উচ্চাৰিবে লৈলা।
ৰামৰ আজ্ঞা লক্ষ্মণৰ আজ্ঞা আদি গোসানীৰ
আজ্ঞা বিভিষনৰ আজ্ঞা হনুমন্তৰ আজ্ঞা
সৰাকে নমস্কাৰ কৰি আঠ দিশে আঠ দেশ।
জ্বৰ গাঠি কাটি গু কৰো॥

⸻⸻