সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
গু কৰতি।

ভগৱন্তে বোলে হৈব অজৰ অমৰ।
তিনি জনে আজ্ঞা লৈয়া উঠি গৈলা॥
আঠ দিশি অনন্ত ফেনা বিস্তাৰিবে লৈলা।
আসুৰিয়া গাঠি পাই॥
গু কৰতি কাটি পেলাইলা।
তন্ত্ৰ মন্ত্ৰ পাতলোত গুকৰি থৈলা॥
হৰ বিষ হৰ নৰ মনুষ্যৰ বেদৰ বাহিৰ।
ব্ৰহ্মা গু কৰতি জৈপ্য কৰ॥
মনুষ্যৰ গৰ্ভে দিয়া আতি।
ইসব গাঠি মুঠি চুৰ ব্যাধি কাটি থৈলা॥
এতেক গুকৰতি প্ৰখ্যাত ভৈলা।
ৰাম গৈলা বৈকুণ্ঠে কলি যুগ ভৈলা॥
অসুৰে দেৱদৈত্যে পিড়া কৰিবাক লৈলা।
এহি মন্ত্ৰ খান সত্য যুগে গুপ্ত হুই॥
ঈশ্বৰৰ গানে গৈলা।
তেতিক্ষণে মনুষ্যক অধৰ্ম্মে যুৰিলা॥
ব্ৰহ্মই পৃথিবীৰ দেৱতা স্ৰজিলা।
ব্ৰহ্মাৰ তুতিত ঈশ্বৰ তুষ্ট ভৈলা॥
পাচে আসি কৃষ্ণ অৱতাৰ ভৈলা।
অসংখ্যাত অসুৰ সংহাৰিলা॥
সবাকে নিৰ্য্যান কৰি বৈকুণ্ঠে চলিলা।
পুনৰ্ব্বাৰ আসিয়া ধৰ্ম্মে যুৰিলা॥
পাছে যোগ ধৰি সৈন্যাসি আছে তপ কৰি।
সেই বেলা সব হাড়াকৰমা গাঠি মুঠি উৰান॥
কৰণে উপকে ধনু চাক।
চুৰ গাঠি মুঠি ইসবে মনুষ্যক মাৰি ফুৰে॥
যোগ বলে ৰাম গিৰি গুকৰতি পাই।
সকলোক কাটি কৰিলা ঠাই ঠাই॥
তৈৰ পৰা তিনি জনে পৃথিবীক আইলা।
বৈদ্য ধনন্তৰিক মাতি এহি মন্ত্ৰ খানি দিলা॥